/asomiyapratidin/media/media_files/2025/02/18/cjEFX7GZntRucvkWE2E8.jpg)
ডিজিটেল ডেস্কঃ ১৯ ফেব্ৰুৱাৰীত এপলে মুকলি কৰিব আইফোনৰ এটা নতুন মডেল। এপলে নতুনকৈ ডিজাইন কৰা আইফোন SE আনুষ্ঠানিকভাৱে ১৯ ফেব্ৰুৱাৰীত মুকলি কৰা হ’ব।
এপলৰ চি ই অ’ টিম কুকে আইফোন SE ক এপলৰ বাজেট আইফোনৰ প্ৰথমটো বৃহৎ পদক্ষেপ হিচাপে অভিহিত কৰিছে। অৱশ্যে এতিয়ালৈকে এই বিষয়ে এপলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে সবিশেষ প্ৰকাশ কৰা নাই।
নতুন আইফোন SE ত ইয়াৰ পূৰ্বৰ পুৰণি আইফোনৰ পৰা আঁতৰি আহি আধুনিক ডিজাইনৰ বৈশিষ্ট্য থাকিব বুলি আশা কৰা হৈছে। এই মডেলত প্ৰায় ৬.১ ইঞ্চিৰ ডাঙৰ ডিছপ্লে, ফেচ আইডি থাকিব।
তাৰোপৰি লাইটনিং কানেক্টৰৰ পৰিৱৰ্তে ইউএছবি-চি প'ৰ্ট, আৰু নতুন এ১৮ চিপ থাকিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ পিছফালে এটা কেমেৰা আৰু আইফোন ১৫ প্ৰ’ৰ দৰেই একচন বুটাম থাকিব।
জানিব পৰা মতে এপলে এই নতুন মডেলটোক আইফোন ১৬ ছিৰিজৰ সৈতে একাকাৰ কৰি আইফোন ১৬ই বুলি নাম সলনি কৰিব পাৰে। সমান্তৰালকৈ মেকবুক এয়াৰ আৰু আইপেড এয়াৰৰো আপডেট হোৱাৰ আশা কৰা হৈছে।
ব্লুমবাৰ্গৰ মাৰ্ক গুৰমেনৰ মতে, দুয়োটা ডিভাইচ ৰিফ্ৰেছ কৰিব। মেকবুক এয়াৰে নতুন এম ৪ চিপ লাভ কৰিব। আনহাতে আইপেড এয়াৰক এম ৩ চিপৰ সৈতে উন্নীত কৰা হ’ব। এপলে নতুন এণ্ট্ৰি লেভেল আইপেডৰো কাম কৰি আছে। য’ত এ১৬ বায়নিক বা এ১৭ প্ৰ’ চিপ থাকিব।
কাইলৈ মুকলি হ'বলগীয়া আইফোন SE ৰ বেছ মডেলটোৰ ইণ্টাৰনেল ষ্টোৰেজ হ'ব ১২৮ জিবি। বগা আৰু ক'লা ৰঙত উপলব্ধ হ'বলগীয়া এই ফোনটোৰ মূল্য হ'ব ৪৯,৯৯০ টকা।