এইবাৰ খালিস্তানীৰ কঁকাল ভাঙিবলৈ টঙালি বান্ধিছে কেন্দ্ৰইঃ ১৫ টা স্থানত নিয়াৰ তীব্ৰ অভিযান

অপাৰেচন সিন্দূৰৰ পিছত এইবাৰ পাকিস্তানৰ মদদপুষ্ট খালিস্তানীৰ কঁকাল ভাঙিবলৈ একচেন আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। আজি দেশৰ প্ৰায় ১৫ টা স্থানত চলাইছে অভিযান।

author-image
Tushar Pratim
New Update
এইবাৰ খালিস্তানীৰ কঁকাল ভাঙিবলৈ টঙালি বান্ধিছে কেন্দ্ৰইঃ দেশৰ ১৫ টা স্থানত নিয়াৰ তীব্ৰ অভিযান

ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰৰ পিছত এইবাৰ পাকিস্তানৰ মদদপুষ্ট খালিস্তানীৰ কঁকাল ভাঙিবলৈ একচেন আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। আজি পঞ্জাৱৰ মুঠ ১৫ টাকৈ স্থানত নিয়াই খালিস্তানী সংগঠন বব্বৰ খালছা ইণ্টাৰনেচনল (বি কে আই) সদস্যৰ বিৰুদ্ধে অভিযান চলাইছে। 

Advertisment

গেংষ্টাৰ হেপ্পী পাছিয়ানৰ সৈতে জড়িতসকলৰ সন্ধানত এই অভিযান চলাইছে বুলি জানিব পৰা গৈছে। এইসকলৰ সম্পৰ্ক আছে পাকিস্তানৰ খালিস্তানী সন্ত্ৰাসবাদী হৰবিন্দৰ সিং ওৰফে ৰিন্দা আৰু আই এছ আইৰ সৈতেও। যাৰ সহায়ত যোৱা কিছু মাহৰ পূৰ্বে পঞ্জাৱত এক গ্ৰেণেড আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উঠিছিল। 

উল্লেখ্য যে, যোৱা বছৰৰ ডিচেম্বৰত পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ এক আৰক্ষী থানাত এক গ্ৰেণেড আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। যাৰ সৈতে জড়িত আছিল হৰবিন্দৰ সিং। তাৰ পিছৰ পৰাই এন আই এৰ হিটলিষ্টতআছে হৰপ্ৰীত সিঙৰ নাম। খালিস্তানী সংগঠনটোৰ অন্যান্য সদস্যসকলৰ বিৰুদ্ধে যোৱা সময়ছোৱাত এন আই এয়ে অভিযান অব্যাহত ৰাখিছে। 

তালাচী চলাইছে গুৰুদাসপুৰ, বাটালা, অমৃচৰ আৰু কাপোৰথালা জিলাত। এই জিলাসমূহৰ কেইবাটাও স্থানৰ পৰা অভিযানকাৰী দলে মোবাইলসহ আন আন ডিজিটেল ডিভাইছ, অপৰাধমূলক কাৰ্যত ব্যৱহাৰ হ’ব পৰা সামগ্ৰী আৰু বিভিন্ন নথিপত্ৰ জব্দ কৰিছে। 

জানিব পৰা মতে হেপ্পী পাছিয়ানৰ সৈতে আমেৰিকাৰ খালিস্তানী উগ্ৰপন্থী হৰপ্ৰীত সিঙৰো সম্পৰ্ক আছে। এন আই এৰ হিট লিষ্টত থকা বব্বৰ খালচা সংগঠনৰ সদস্য হৰপ্ৰীতক এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰত এফ বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। যোৱা সাত মাহত পঞ্জাৱত কমেও ১৬ টা গ্ৰেণেড আক্ৰমণৰ খবৰ পোৱা গৈছিল। 

তাৰ ভিতৰত উল্লেখনীয় আছিল প্ৰাক্তন মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা মনোৰঞ্জন কালিয়াৰ ঘৰৰ বাহিৰত হোৱা বোমা বিস্ফোৰণ। ৭ এপ্ৰিলৰ নিশা পঞ্জাৱৰ জলন্ধৰত নেতাজনৰ ঘৰৰ সন্মুখত নিক্ষেপ কৰা হৈছিল গ্ৰেণেড। হৰপ্ৰীত ওৰফে হেপ্পী পাছিয়ানৰ নাম এনেধৰণৰ ১৪ টা বোমা বিস্ফোৰণৰ সৈতে জড়িত আছে।

উল্লেখযোগ্য, বিদেশৰ মাটিত বিশেষকৈ কানাডা, আমেৰিকা আৰু ব্ৰিটেইনত খলিস্তানি উগ্ৰপন্থীৰ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল নৰেন্দ্ৰ মোডী চৰকাৰে। মার্কিন ভূমিত ঘাটি স্থাপন কৰা ভাৰতৰ কুখ্যাত খলিস্তানী উগ্ৰপন্থীসকলৰ তালিকা ইতিমধ্যে আমেৰিকালৈ প্ৰেৰণ কৰিছে ভাৰতে। আনফালে, কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মার্ক কাৰনিও ভাৰতৰ প্রতি বন্ধুত্বৰ আশ্বাস দি খলিস্তানী দমন কৰাৰ বার্তা দিছে।

 

নিয়া খালিস্তান