পুঞ্চত পুনৰ সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ...

পুঞ্চত পুনৰ সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ...
পুঞ্চত পুনৰ সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ...

ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ জম্মু কাশ্মীৰত। কাশ্মীৰৰ পুঞ্চ অঞ্চলত পুনৰ জেহাডীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিলে সেনাৰ কনভয়। শুকুৰবাৰে সন্ধিয়া সেনাৰ এক কনভয়ত আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।

নিকটৱৰ্তী পাহাৰৰ পৰা সেনাৰ কনভয়লৈ লক্ষ্য কৰি গুলী চালনা কৰে এই সন্ত্ৰাসবাদীৰ দলটোৱে। অৱশ্যে তাৎক্ষণিকভাৱে সেনায়ো ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। দুয়ো পক্ষৰ মাজত চলা এই আক্ৰমণত কোনো হতাহতি হোৱাৰ খবৰ এই পৰ্যন্ত অহা নাই।

জানিব পৰা মতে সেনাই প্ৰত্যুত্তৰ দিয়াৰ পাছতেই এই সন্ত্ৰাসবাদী দলটোৱে পলায়ন কৰে। সেনাই সমগ্ৰ অঞ্চলটোত এই সন্ত্ৰাসবাদী গোটক বিচাৰি অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে এই মুহূৰ্তত কাশ্মীৰত আছে নৰ্দান কমণ্ডাৰ জিঅ'চি ইন চি লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীসহ একাধিক শীৰ্ষ বিষয়া।

সেনাৰ এই শীৰ্ষ বিষয়াৰ দলটোৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিবলৈ কৌশল ৰচনাৰ ব্যস্ত আছে। উল্লেখ্য যে, শুকুৰবাৰৰ সন্ধিয়া সংঘটিত হোৱা এই আক্ৰমণে পুঞ্চৰ পূৰ্বৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিলে।

বিগত বছৰৰ বৰদিনৰ আগে আগে পুলৱামাৰ কায়দাৰে জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ চুৰাণতোট মহকুমাৰ দেৰা কি গলিত সন্ত্ৰাসবাদীয়ে সেনাৰ বাহনত আক্ৰমণ কৰিছিল। সন্ত্ৰাসবাদী দলে স্বয়ংক্ৰিয় ৰাইফলেৰে চলোৱা আক্ৰণত ৫ জন সেনা জোৱান ছহিদ হৈছিল। আহত হৈছিল আন দুজন।

২০১৯ ৰ ১৪ ফেব্ৰুৱাৰীত আত্মঘাতী আক্ৰমণত কপি উঠিছিল পুলৱামা। পাকিস্তানী সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদৰ আক্ৰমণত প্ৰাণ গৈছিল ৪০ জনকৈ সেনাৰ।

পুঞ্চত পুনৰ সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ...
আজি 'ইণ্ডিয়া' গোটৰ বৈঠকঃ আসন বুজাবুজি আৰু নেতা নিৰ্বাচনৰ সম্ভাৱনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in