আপোনালৈও আহিছে নেকি পাৰ্চেলত বেআইনী সামগ্ৰী জব্দ হোৱাৰ ফোন ? পৰিব পাৰে অনলাইন প্ৰৱঞ্চকৰ কবলত

আপোনালৈও আহিছে নেকি পাৰ্চেলত বেআইনী সামগ্ৰী জব্দ হোৱাৰ ফোন ? পৰিব পাৰে অনলাইন প্ৰৱঞ্চকৰ কবলত

ডিজিটেল ডেস্ক : পুনৰ এবাৰ কুৰিয়াৰ কোম্পানীৰ নামত লুটিলে নিৰীহ জনতাক গুৰুগ্ৰামত । শেহতীয়াকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে অনলাইন প্ৰৱঞ্চনাৰ ঘটনা । শিক্ষিত-অশিক্ষিত সকলো লোকেই এই অসাধু চক্ৰটোৰ কবলত পৰিছে । কোনো লোকেই যেন সা‍ৰি যাব পৰা নাই ইয়াৰ পৰা । যাৰ বাবে এতিয়া অনলাইন চক্ৰৰ সন্ত্ৰাসত সমগ্ৰ দেশ । এতিয়া যেন কেৱল শিক্ষিত হ'লেই নহ'ব বৰং সচেতনো হ'ব লাগিব সমাজত ঘটি থকা অপৰাধসমূহৰ বিৰুদ্ধে ।

গুৰুগ্ৰামত এটা সপ্তাহতেই এনেধৰণৰ তিনিটি কাৰ্য সংঘটিত হোৱাৰ ঘটনাই এইটোকে সূচাই যে এতিয়াও সচেতন হৈ উঠা নাই নাগৰিকসকল । কেৱল সেয়াই নহয় বৰং আৰক্ষীৰ বিফলতাও এই অপৰাধে খুব সুন্দৰকৈ উদঙাই দিলে ।

উল্লেখ্য যে, ঘটনা অনুসৰি গুৰুগ্ৰামৰ ভুক্তভোগী লোকগৰাকীৰ ওচৰকৈ প্ৰথমে এটা ফোন আহিছিল যে তেওঁৰ নামত থকা এটা পাৰ্চেলত চাৰিখন পাছপ'ৰ্ট, কেইখনমান ডেবিট কাৰ্ড আৰু কিছু টকা উদ্ধাৰ হৈছিল । যাৰ বাবে মুম্বাইৰ চাইবাৰ ক্ৰাইম বিভাগে লোকজনৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

ভুক্তভোগী গৰাকীলৈ দ্বিতীয়টো ফোন আহিছিল এগৰাকী ভুৱা অধিবক্তাৰ পৰা । ব্যক্তিগৰাকীক এই ক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস দি সৰকালে ৯ লাখ ২১ হেজাৰ টকা ।

এতিয়া চৌদিশে এনেধৰণৰ ঘটনাই চানি ধৰাৰ লগতে নাগৰিকসকল যে কোনোপধ্যেই অনলাইন প্ৰৱঞ্চনা সন্দৰ্ভত সচেতন নহয় সেই কথা প্ৰমাণ কৰে এই ধৰণৰ ঘটনাই ।

আপোনালৈও আহিছে নেকি পাৰ্চেলত বেআইনী সামগ্ৰী জব্দ হোৱাৰ ফোন ? পৰিব পাৰে অনলাইন প্ৰৱঞ্চকৰ কবলত
বিহুৰ বাবে ঘৰত কোনো নথকাৰ সুযোগতেই চুৰি টীয়কত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in