গংগা ৰাম চিকিৎসালয়ত ভৰ্তি অন্নু কাপুৰঃ স্বাস্থ্যৰ সম্পৰ্কত কৰ্তৃপক্ষই ক'লে এইদৰে...

গংগা ৰাম চিকিৎসালয়ত ভৰ্তি অন্নু কাপুৰঃ স্বাস্থ্যৰ সম্পৰ্কত কৰ্তৃপক্ষই ক'লে এইদৰে...

author-image
Asomiya Pratidin
New Update
গংগা ৰাম চিকিৎসালয়ত ভৰ্তি অন্নু কাপুৰঃ স্বাস্থ্যৰ সম্পৰ্কত কৰ্তৃপক্ষই ক'লে এইদৰে...

গংগা ৰাম চিকিৎসালয়ত ভৰ্তি অন্নু কাপুৰঃ স্বাস্থ্যৰ সম্পৰ্কত কৰ্তৃপক্ষই ক'লে এইদৰে...

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা অন্নু কাপুৰৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। বৃহস্পতিবাৰে বুকুৰ বিষ অনুভৱ কৰাৰ বাবে অন্নু কাপুৰক দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছতে এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসালয়ত অন্নু কাপুৰৰ চিকিৎসা চলি আছে।

Advertisment

অন্নু কাপুৰৰ স্বাস্থ্য সম্পৰ্কে গংগাৰাম চিকিৎসালয়ৰ ফালৰ পৰা এক আনুষ্ঠানিক বিবৃতি জাৰি কৰা হৈছে। য'ত কোৱা হৈছে যে, বুকুৰ সমস্যাৰ বাবে অন্নু কাপুৰক ভৰ্তি কৰা হৈছে। তেওঁক হৃদৰোগ বিশেষজ্ঞ ডাঃ সুশান্ত ভাট্টালে চিকিৎসা কৰি আছে।

এই মুহূৰ্তত তেওঁৰ স্বাস্থ্যৰ অৱস্থা জটিল নহয় যদিও সম্পূৰ্ণৰূপে সুস্থিৰো নহয়। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। ইফালে অন্নু কাপুৰৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছতে তেওঁৰ অনুৰাগীয়ে আশু আৰোগ্য কামনা কৰিছে।

উল্লেখ্য যে ৪০ বছৰীয়া কেৰিয়াৰত অন্নু কাপুৰে ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও বহু কেইখন ধাৰাবাহিকত অভিনয় কৰিছে। ১৯৫৬ চনৰ ২০ ফেব্ৰুৱাৰীত ভূপালত জন্ম হোৱা অন্নু কাপুৰ এজন অভিনেতা হোৱাৰ উপৰিও একেধাৰে গায়ক, টিভি হোষ্ট আৰু ৰেডিঅ' জকী।

Also Read: এটা যুগৰ অৱসান ! কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লাম খেলিলে ছানিয়া মিৰ্জাই...

বলিউড অন্নু কাপুৰ