পুত্ৰৰ লগত মিলি পত্নীয়ে ২২ টুকুৰা কৰি কাটিলে স্বামীৰ মৃতদেহ ! ভৰাই থলে ফ্ৰীজত

পুত্ৰৰ লগত মিলি পত্নীয়ে ২২ টুকুৰা কৰি কাটিলে স্বামীৰ মৃতদেহ ! ভৰাই থলে ফ্ৰীজত
পুত্ৰৰ লগত মিলি পত্নীয়ে ২২ টুকুৰা কৰি কাটিলে স্বামীৰ মৃতদেহ ! ভৰাই থলে ফ্ৰীজত

ডিজিটেল ডেস্কঃ কি হৈছে, কিয় হৈছে? মানুহবোৰ ক্ৰমান্বয়ে দানৱলৈ ৰূপান্তৰ হৈছে। কোনে কাক, কেতিয়া হত্যা কৰে তাৰ কোনো নিশ্চয়তা নাই। সৌ সিদিনা শ্ৰদ্ধা ৱাকাৰক তেওঁৰেই প্ৰেমিক আফতাব আমিনে হত্যা কৰি মৃতদেহ ৩৫ টা ভাগত বিভক্ত কৰি দিল্লীৰ বিভিন্ন স্থানত পেলাই দিয়াৰ ঘটনা পোহৰলৈ আহিছিল।

ইয়াৰ মাত্ৰ কেইটামান দিন পিছতে অনুৰূপ ঘটনা সংঘটিত হৈছিল উত্তৰপ্ৰদেশৰ মুজাফৰ নগৰত। পূৰ্বৰ প্ৰেমিক আৰু নিজ ভাতৃয়ে আৰধনা নামৰ ১৯ বৰ্ষীয় এগৰাকী মহিলাক হত্যা কৰি তেওঁৰ মুণ্ড এটা পুখুৰীত পেলাই দিয়াৰ লগতে বাকী দেহা ৬ টা অংশত টুকুৰা কৰি এটা কুঁৱাত পেলাই দিছিল।

দেশ কঁপাই যোৱা এই দুই ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে পুনৰ এনে এক জঘণ্য ঘটনা পোহৰলৈ আহিছে আকৌ দিল্লীত। এইবাৰ কোনো ভণ্ড প্ৰেমিকে নহয় পত্নী আৰু পুত্ৰই মিলি এজন ব্যক্তিক হত্যা কৰি তেওঁৰ দেহ ২২ টুকুৰা কৰি বিভিন্ন স্থানত পেলাই দিয়া কাৰ্যই পুনৰ চাঞ্চল্য সৃষ্টি কৰিছে।

দিল্লী আৰক্ষীৰ অপৰাধ শাখই পূব দিল্লীত বিচাৰি পাইছে মানৱ দেহৰ কেইবাটাও টুকুৰা। ঘটনা সন্দৰ্ভত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ স্বামীক হত্যা কৰিছে। এই হত্যা কাণ্ড সংঘটিত হৈছিল বিগত জুন মাহতে।

এই হত্যাৰ কাৰণ হিচাপে আৰক্ষীয়ে পৰকীয়া প্ৰেম বুলি উল্লেখ কৰিছে। মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে তেওঁৰ স্বামীয়ে আন মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। অভিযোগ অনুসৰি পত্নী আৰু পুত্ৰই ব্যক্তিজনক হত্যা কৰি আফতাবে নিজ প্ৰমেকিৰ টুকুৰা টুকুৰ মৃতদেহ ফ্ৰীজত ৰখাৰ দৰেই তেওঁলোকেও ফ্ৰীজত ৰাখিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মুঠ ২২ টুকুৰা কৰি কাটিছিল ব্যক্তিগৰাকীৰ মৃতদেহ। পৰৱৰ্তী সময়ত সেই ২২ টুকুৰা মৃতদেহ পূব দিল্লীৰ বিভিন্ন স্থানত পেলাই দিছিল। যি দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈছিল।

এই জঘণ্য হত্যাকাণ্ডৰ বলি হোৱা দুৰ্ভগীয়া লোকজনৰ নাম অঞ্জন দাস। পেডন নগৰৰ বাসিন্দা অঞ্জন দাসক এই বছৰৰ জুন মাহত হত্যা কৰা হৈছিল। যাৰ পিছত তেওঁৰ শৰীৰটো টুকুৰা টুকুৰা কৰি ঘৰৰ ফ্ৰীজত ৰখা হৈছিল। তাৰ পিছত প্ৰতিদিনে মৃতদেহৰ টুকুৰাবোৰ পাণ্ডৱ নগৰ আৰু পূব দিল্লীৰ বিভিন্ন অঞ্চলত পেলাই দিয়া হৈছিল।

নিজ স্বামীক ইমান জঘণ্য ৰূপত হত্যা কৰা দুই হত্যাকাৰীৰ নাম পুনম দাস আৰু তেওঁৰ পুত্ৰ দীপক দাস। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অঞ্জন দাসক নিচাযুক্ত টেবলেট খুৱাই হত্যা কৰা হৈছিল।

দিল্লীত সংঘটিত হোৱা এই জঘণ্য হত্যাকাণ্ডই পুনৰ সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। মানুহৰ মাজত বৃদ্ধি পোৱা এনে জঘণ্য হত্যা কাণ্ডৰ মানসিকতাক লৈও প্ৰশ্ন উত্থাপ হৈছে। মানুহ লাহে লাহে যে দানৱলৈ পৰ্যবেক্ষিত হৈছে সেই কথা প্ৰমাণ কৰিছে বুলিও চৰ্চা চলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in