ডিজিটেল ডেস্কঃ লাহে লাহে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ ধৰিছে অনিল আম্বানীৰ কোম্পানীসমূহ। তেওঁৰ কোম্পানীসমূহে প্ৰতিদিনে তেওঁলোকৰ ওপৰত থকা ঋণ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে।
নতুন বছৰৰ প্ৰথমটো দিনতে তেওঁৰ আন এটা কোম্পানী, ৰিলায়েন্স পাৱাৰৰ সহায়ক সংস্থা চাচান পাৱাৰ লিমিটেডে প্ৰায় ১২৮৬ কোটি টকাৰ (১৫০ নিযুত ডলাৰ) ঋণ পৰিশোধ কৰে। এই ঋণ পৰিশোধৰ সৈতে, ৰিলায়েন্স পাৱাৰৰ বেলেন্স শ্বীট শক্তিশালী হ'ব আৰু তেওঁলোকৰ হাতত অতিৰিক্ত নগদ ধন থাকিব।
ভৱিষ্যতে, কোম্পানীটোৰ লক্ষ্য নৱীকৰণযোগ্য শক্তি খণ্ডৰ ওপৰত অধিক হ'ব। চাচান পাৱাৰে মধ্য প্ৰদেশত ৩,৯৬০ মেগাৱাটৰ এক বৃহৎ শক্তি প্ৰকল্প পৰিচালনা কৰি আছে।
এই প্ৰকল্প হৈছে বিশ্বৰ সৰ্ববৃহৎ কয়লা চালিত শক্তি প্ৰকল্প। ইয়াৰ কয়লা খনন ক্ষমতা প্ৰতি বছৰে ২০ নিযুত টন (MTPA) আছে। প্ৰকল্পটোৱে ভাৰতৰ ১৪ খন ৰাজ্যৰ শক্তি কোম্পানীবোৰক প্ৰতি ইউনিটত মাত্ৰ ১.৫৪ টকাত শক্তি যোগান ধৰি আহিছে। যি হৈছে দেশৰ সৰ্বনিম্ন হাৰ।
অনিল আম্বানীয়ে কৰোনা মহামাৰীৰ সময়ত অতি বেয়া সময়ৰ মাজেৰে পাৰ কিৰিছিল। কিন্তু সেই সময়তো তেওঁ ধৈৰ্য্য নেহেৰুৱালে।এতিয়া তেওঁ তেওঁৰ কোম্পানীবোৰৰ ঋণ পৰিশোধ কৰাৰ লগতে এক শক্তিশালী পুনৰুত্থান কৰাৰ বাবে আগ্ৰহী হৈ পৰিছে।
যোৱা বছৰত, তেওঁৰ কোম্পানীসমূহে ঋণ বহু হ্ৰাস কৰিছে আৰু এতিয়া তেওঁৰ কোম্পানীৰ মুঠ ঋণ শূন্যত আছে।এনে পৰিস্থিতিত ৰিলায়েন্স পাৱাৰ আৰু ৰিলায়েন্স ইনফ্ৰাৰ শ্বেয়াৰ শেহতীয়াকৈ বৃদ্ধি পাইছে।
ৰিলায়েন্স ইনফ্ৰাৰ নতুন সহায়ক সংস্থা ৰিলায়েন্স জয় প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেডে (RJPPL) ৰিয়েল ইষ্টেট খণ্ডত এক ডাঙৰ পদক্ষেপ ল'ব। সামগ্ৰিকভাৱে, অনিল আম্বানীৰ ব্যৱসায়িক স্থিতি এতিয়া পূৰ্বতকৈ শক্তিশালী হৈছে আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে, বিশেষকৈ তেওঁৰ পুত্ৰ জয় আনমোল আৰু জয় অংশুল আম্বানীয়ে এই যাত্ৰাক সম্পূৰ্ণ সমৰ্থন কৰিছে।