অন্ধ্ৰপ্ৰদেশত TDP ৰ ছুনামি...

অন্ধ্ৰপ্ৰদেশত TDP ৰ ছুনামি...

ডিজিটেল ডেস্কঃ দেশৰ লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফলৰ সমান্তৰালকৈ আজি ঘোষণা হ'ব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশত অগ্ৰগতি লাভ কৰিছে তেলেগু দেশম পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে চৰকাৰে । সংখ্যাগৰিষ্ঠতকৈ বহু বেছি আসন লাভ কৰিছে টিডিপিয়ে । সেই তুলনাত বহু পিছ পৰি আছে ৱাই এছ আৰ চি পি।

অন্ধ্ৰপ্ৰদেশত টিডিপি ১২৭ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জনসেনা পাৰ্টী ১৭ খন, টিডিপি ১২৭ খন, বিজেপি ৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ দল চমুকৈ ৱাই এছ আৰ চি পি ২২ খন আসনত আগবাঢ়ি আছে ।

উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশত এখন ত্ৰিকোণীয়া যুঁজ পৰিলক্ষিত হৈছে । শাসনাধিষ্ঠিত ৱাই এছ আৰ চি পি, কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপি আৰু পৱন কল্যাণ নেতৃত্বাধীন জন সেনা পাৰ্টীক (জেএছপি) লৈ গঠিত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে ।

অন্ধ্ৰপ্ৰদেশত TDP ৰ ছুনামি...
৫০০০০ ভোটত অমৃতপাল সিঙৰ অগ্ৰগতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in