ভাৰতীয় সেনাক বলে নোৱাৰা পাকিস্তানীৰ লক্ষ্য পুনৰ সাধাৰণ নাগৰিক...

ভাৰতীয় সেনাৰ প্ৰত্যাঘাতত বিধ্বস্ত হোৱা পাকিস্তানীৰ এতিয়াও সুমতি ঘূৰি অহা নাই। LOC ত ভাৰতৰ সেনাৰ সৈতে যুঁজিব নোৱাৰি সাধাৰণ নাগৰিকক লক্ষ্য কৰিছে পাকিস্তানীয়ে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ভাৰতীয় সেনাক বলে নোৱোৰা পাকিস্তানীৰ লক্ষ্য পুনৰ সাধাৰণ নাগৰিক...

ডিজিটেল ডেস্কঃ যুদ্ধৰ বাবে ভাৰতক প্ৰৰোচিত কৰি অহা পাকিস্তানে ভাৰতৰ প্ৰত্যাঘাতত ত্ৰাহি মধুসূদন কাঢ়িবলৈ বাধ্য হৈছে। অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ পাছৰে পৰা পাকিস্তানে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি ভংগ কৰি ধাৰাবাহিকভাৱে গুলী চালনা অব্যাহত ৰাখিছে। 

Advertisment

ভাৰতীয় সেনাৰ প্ৰত্যাঘাতত বিধ্বস্ত হোৱা পাকিস্তানীৰ এতিয়াও সুমতি ঘূৰি অহা নাই। যাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয় অঞ্চলত ভাৰতৰ সেনাৰ সৈতে যুঁজিব নোৱাৰি সাধাৰণ নাগৰিকক লক্ষ্য কৰি গুলী চালনা অব্যাহত ৰাখিছে। 

যি সময়ত ভাৰতে পাকিস্তানে নিক্ষেপ কৰা মিছাইল, ড্ৰোণ আদি ধ্বংস কৰি স্থল, জল আৰু বায়ু এই তিনিওটা শক্তিৰেই প্ৰত্যাঘাত কৰিছে সেই সময়তে ভাৰতীয় সেনাক বলাব নোৱাৰি পুঞ্চ অঞ্চলত সাধাৰণ নাগৰিকৰ ওপৰত গোলাবৰ্ষণ কৰি এগৰাকী সাধাৰণ লোকক হত্যা কৰিছে। আহত হৈছে আন এগৰাকী মহিলা। 

পুঞ্চ আৰক্ষী বিষয়া নভিদ আহমেদে জনোৱা মতে, গুলীচালনাত পুঞ্চৰ লোহাল বেলাৰ সাধাৰণ নাগৰিক মহম্মদ আব্ৰাৰ মৃত্যু হৈছে আৰু বেলিয়ানৰ শ্বাহিদা আখতাৰ নামৰ এগৰাকী মহিলা আহত হৈছে। বৰ্তমান তেওঁ মাণ্ডি জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, পাকিস্তানে জম্মু-কাশ্মীৰৰ উধামপুৰ, কাশ্মীৰৰ কেইবাটাও অঞ্চল আৰু পঞ্জাৱৰ পাথানকোটত বৃহস্পতিবাৰে প্ৰথমে যুদ্ধ বিমানেৰে আক্ৰমণৰ চেষ্টা কৰি বিফল হোৱাৰ পাছত কেইবা ডজনো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। যিবোৰ ভাৰতৰ এয়াৰ ডিফেন্স পদ্ধতিয়ে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে। 

ভাৰত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী জেট ভাৰতীয় সেনাই ধ্বংস কৰাৰ কথা স্বীকাৰ কৰিও পাকিস্তানে ভাৰত আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে। বৃহস্পতিবাৰে গভীৰ নিশা ভাৰতৰ সামৰিক মুখপাত্ৰই এক বিবৃতিত স্পষ্ট কৰিছে যে, পাকিস্তানে ১৬ টা ভাৰতীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠানত ৰকেট আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল। যিবোৰ আধুনিক নিষ্ক্ৰিয় কৰা হৈছে।

নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰা আদি অঞ্চলত পৰিস্থিতি যথেষ্ট উদ্বেগজনক হৈ আছে। কুপৱাৰাৰ কেইবাটাও স্থানত পাকিস্তানৰ গোলাবৰ্ষণৰ ফলত সাধাৰণ নাগৰিকৰ বহু কেইটা অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। তাৰ পাছতো পাকিস্তানে আক্ৰমণ কৰা নাই বুলি অসত্যৰ আশ্ৰয় লৈছে। 

ইফালে উৰিস্থিত স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, এই গোলাবৰ্ষণত নৰ্গিছ বেগম নামৰ এগৰাকী মহিলাৰো মৃত্যু হৈছে। এই সমগ্ৰ পৰিস্থিতিত ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে ব্লেকআউট ঘোষণা কৰে।

পুঞ্চত গোটেই নিশা গোলাবৰ্ষণৰ পিছত আজি পুৱাও প্ৰচণ্ড গোলাবৰ্ষণ অব্যাহত আছে। অৱশ্যে এতিয়ালৈকে ইয়াত কোনো হতাহতি হোৱা নাই। 

 

পাকিস্তান জম্মু কাশ্মীৰ পেহেলগাম