Advertisment

হয়তো আপুনিও দেখা নাই এই আপুৰুগীয়া ফটোখন...

এখন পুৰণি ফটো হ'ব পাৰে বহু স্মৃতিৰ সাক্ষী। হয়তো কোনেও ভাবিব নোৱাৰে এনে এখন ফটো হ'ব পাৰে এক ইতিহাস। আমি এই বাতৰিৰ সৈতে যিখন ঐতিহাসিক ফটো সংলগ্ন কৰিছো সম্ভৱতঃ এই ফটোখন বহু কম লোকেহে দেখিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
হয়তো আপুনিও দেখা নাই এই আপুৰোগীয়া ফটোখন...

ডিজিটেল ডেস্কঃ এখন পুৰণি ফটো হ'ব পাৰে বহু স্মৃতিৰ সাক্ষী। হয়তো কোনেও ভাবিব নোৱাৰে এনে এখন ফটো হ'ব পাৰে এক ইতিহাস। আমি এই বাতৰিৰ সৈতে যিখন ঐতিহাসিক ফটো সংলগ্ন কৰিছো সম্ভৱতঃ এই ফটোখন বহু কম লোকেহে দেখিছে। 

Advertisment

এগৰাকী প্ৰৱাসী অসমীয়াই এই ফটোখন প্ৰেৰণ কৰিছিল অসমীয়া প্ৰতিদিন ডিজিটেললৈ। সেই ফটোখন কি সেয়া আপুনি অনুভৱ কৰিবলৈ ১৯৭৮ চনলৈ ঘূৰি যাব লাগিব।

হয়তো আপুনিও দেখা নাই এই আপুৰোগীয়া ফটোখন...

ফটোখনত ভালকৈ চালে দেখিবলৈ পাব ৮ জনৰ মানুহৰ মুখ স্পষ্টৰূপত কেমেৰাত ধৰা দিছে। বাওঁফালৰ পৰা আপুনি হিচাপ কৰি ৫ নম্বৰ মানুহজনত ৰৈ যাওঁক। কলা ফ্ৰেমৰ ডাথ চশমা পিন্ধা আৰু পাগুৰি মৰা মানুহজনক বাৰু আপুনি চিনি পাইছেনে?

ভৰিত চেণ্ডেল, এখন হাত ককালত আৰু আনখন হাত জেপত ভৰাই থোৱা মানুহজনেই হল অলপতে আমাৰ মাজৰ পৰা মেলানি মগা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। আকৌ আপুনি বাওঁফালৰ পৰা গণনা কৰক। এইবাৰ তিনি নম্বৰৰ মানুহজনৰ মুখখন চাওঁক।

এখেতক হয়তো আপুনি চিনি পাইছেই। কিয়নো তেখেতৰ মুখখনেই, সাজপাৰেই বহুতৰ পৰিচয়। অতি সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰি বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা এখেত ড০ এ পি জে আব্দুল কালাম।

তেওঁলোকে কেতিয়াও ভবা নাছিল এদিন এই পদবীত তেওঁলোক অধিষ্ঠিত হব। কিন্তু তেওঁলোকৰ কৰ্মৰাজীয়ে তেতিয়াই তেওঁলোক যে দেশৰ ভৱিষ্যত সেই কথা বুজাই দিছিল। এতিয়া ফটোখনৰ বাওঁফালৰ পৰা আপোনালোকক কৈ যাওঁ এই ফটোখনত কোন কোন আছে।

ফটোখনৰ বাওঁফালে থকা প্ৰথমজন ব্যক্তিয়েই হল ড০ ৰাজা ৰামান্না। প্ৰখ্যাত পৰমাণু বিজ্ঞানী ৰাজা ৰামান্না আছিল ভাৰতৰ পৰমাণু পৰীক্ষণৰ অন্যতম সূত্ৰধৰ।তাৰ পাছৰজন ছতিশ ধৱান। বিখ্যাত গণিতজ্ঞ তথা এৰস্পেছ অভিযন্তা ছতিশ ধৱন ভাৰতৰ পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়।

তাৰ পাছত এ পি জে আব্দুল কালাম, তাৰ পাছত ড০ মনমোহন সিং আৰু তেওঁৰ কাষত থকাজন এম জি কে মেনন। পদাৰ্থ বিজ্ঞাৱী এম জি কে মেননৰ চাৰি দশক ধৰি ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নত আছিল গুৰুত্বপূৰ্ণ ভূমিকা।

এই ফটোখনৰ কৃতিত্ব হৰশ্বাল জি। এজন অজ্ঞাত ব্যক্তিয়ে তোলা এই বিখ্যাত ফটোখন অসমীয়া ডিজিটেলৰ হাতত পৰিলহি এজন প্ৰৱাসী অসমীয়াৰ জৰিয়তে।

ড০ মনমোহন সিং