পুনৰ বিহাৰ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

উন্মোচন কৰিব জয়প্ৰকাশ নাৰায়ণৰ প্ৰতিমূৰ্ত্তি
পুনৰ বিহাৰ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্ক : মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'ব বিহাৰত ।  বিহাৰত বিজেপিৰ মিত্ৰজোট ভংগ হোৱাৰ পাছত এইটো হ'ব অমিত শ্বাহৰ দ্বিতীয়টো ভ্ৰমণ । বিহাৰৰ মহান সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম জয়ন্তী উপলক্ষে বিহাৰৰ সাৰন জিলাত অৱস্থিত জয়প্ৰকাশ নাৰায়ণৰ পৈতৃক বাসগৃহত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ।

তাৰ পাছত দিনৰ ১২ বজাত সমাজবাদী নেতা গৰাকীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব অমিত শ্বাহে । কেন্দ্ৰীয় কলা আৰু সংস্কৃতি মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানটিৰ সৈতেই আয়োজন কৰা হৈছে এখন ৰাজহুৱা সভাৰ ।

এই ভ্ৰমণক লৈ বিজেপিৰ দলীয় কাৰ্যকৰ্তা সকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে যদিও ৰাজনৈতিক বিশেষজ্ঞসকলৰ ভাষ্য অনুসৰি, এই ভ্ৰমণ মূলত: ৰাজনৈতিক হে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in