/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e948bbf4-1ea8-4942-88cb-50a29a4966ef/waste_management.jpg)
ডিজিটেল ডেস্ক : আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীত মুকলি কৰিব পেলনীয়া অৱশিষ্টৰ পৰা শক্তি নিষ্কাশন উদ্যোগ । দিল্লীৰ টুঘলকাবাদ অঞ্চলত উদ্বোধন হ'ব লগীয়া এই উদ্যোগে নিকটৱৰ্তী অঞ্চল সমূহৰ পৰা জাবৰ সংগ্ৰহ কৰি বিভিন্ন মাধ্যমেৰে উৎপাদন কৰিব বৈদ্যুতিক শক্তি । তথ্য অনুসৰি, দৈনিক প্ৰায় ২ হাজাৰ মেট্ৰিক ট'ন জাবৰ নিষ্কাশন কৰা হ'ব এই উদ্যোগটোত আৰু উৎপাদন কৰা হ'ব ২০ মেগাৱাট বিদ্যুৎ শক্তি ।
দিল্লীৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে উদ্বোধন কৰিব লগীয়া এই উদ্যোগটোৰ সন্দৰ্ভত কটাক্ষ আম আদমী পাৰ্টীৰ । বিগত ১৭ বছৰে দিল্লীক পেলনীয়া অৱশিষ্টৰ দৰে ব্যৱহাৰ কৰি এতিয়া নিৰ্বাচনৰ পূৰ্বে হে স্মৰণ কৰা বুলি মন্তব্য কৰে আম আদমী পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ।
এই সন্দৰ্ভত, দলটিৰ নেতা দুৰ্গেশ পাঠকে ভাষ্য প্ৰদান কৰে যে বিগত ১৭ বছৰত বিজেপিয়ে দিল্লীত জাবৰৰ তিনিখন পাহাৰ গঢ়ি তুলিছে আৰু অনাগত দিনত এনে ১৬ খন পাহাৰ গঢ়ি তোলাৰ লক্ষ্য বিজেপিৰ ।
উল্লেখ্য যে, দিল্লীৰ পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগ লগেই সক্ৰিয় হৈ উঠা দেখা গৈছে সকলো ৰাজনৈতিক দলক । নিজা নিজা পদ্ধতিৰে প্ৰচাৰ আৰম্ভ কৰা দল সমূহৰ বাবে ই এক গুৰুত্বপূৰ্ণ নিৰ্বাচন । কিয়নো দিল্লী পৌৰসভাই ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশতকৈ ও অধিক অঞ্চল সামৰি লয়, তেনে স্থলত পৰৱৰ্তী সময়ত এই নিৰ্বাচনৰ ফলাফলে প্ৰভাৱ পেলাব বিধানসভা নিৰ্বাচনতো ।