/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2bb7c4b0-d7f0-488d-a111-a043d53a153c/mota_bhai.jpg)
ডিজিটেল ডেস্ক : জয়পুৰত ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলতৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ অন্যান্ন পিছপৰা শ্ৰেণী মোৰ্চাক অধিক শক্তিশালী কৰিবৰ বাবে আজিৰে পৰা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভা । এই সভাৰ উদ্দেশ্য আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ অন্যান্ন পিছপৰা শ্ৰেণীৰ ভোট বেংক শক্তিশালী কৰাৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে । ইয়াৰ উপৰিও ৰাজ্যখনৰ পশ্চিম অঞ্চলত বিজেপিৰ শক্তি পৰীক্ষাও এই সভাখনত লোৱা হ'ব ।
এই সভাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ইতিমধ্যেই উপস্থিত হৈছে জয়পুৰত । আজি এই সভাত অংশগ্ৰহণ কৰাৰ পাছত ৰাজ্যখনৰ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মী সকলক উদ্দেশ্যি এক ভাষণ প্ৰদান কৰিব মন্ত্ৰী গৰাকীয়ে ।