/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4cdbd61b-dc8f-4823-93d4-d468dfc662cc/amit_shah.jpg)
ডিজিটেল ডেস্ক : বিহাৰত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আজি আবেলি বিহাৰৰ পুৰ্ণিয়াত অনুষ্ঠিত হ'ব লগীয়া 'জন ভৱন মহাসভা' নামৰ শোভাযাত্ৰাত অংশ গ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে । বিহাৰত শেষ মূহুৰ্তত জনতা দল (সংযুক্ত)ই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি চৰকাৰ গঠন কৰাৰ পাছত অমিত শ্বাহৰ হ'ব এইয়া প্ৰথম বাৰৰ বাবে বিহাৰ ভ্ৰমণ ।
উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিজেপিৰ স্থিতি দৃঢ় কৰাৰ বাবেই দুদিনীয়া ভ্ৰমণত বিহাৰত উপস্থিত হৈছে মন্ত্ৰী গৰাকী । বিহাৰত বিজেপিয়ে লোক সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব মহা মিত্ৰজোটৰ বিৰুদ্ধে । বৰ্তমান মহা মিত্ৰজোটে সৰ্বমুঠ ৪০ খন আসন অধিকাৰ কৰি আছে লোকসভাত ।
এই শোভাযাত্ৰা সন্দৰ্ভত, কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ মন্তব্য অনুসৰি বিজেপিৰ দলীয় কৰ্মীসকলৰ ওপৰিও সাধাৰণ ৰাইজৰ মাজতো জন ভৱন মহাসভাৰ বাবে পৰিলক্ষিত হৈছে উৎসাহৰ । আনহাতে, বৰ্তমানৰ মিত্ৰজোট চৰকাৰক লৈ বিহাৰৰ ৰাইজ অসন্তুষ্ট বুলিও ভাষ্য প্ৰদান কৰে ৰায়ে । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ সুশীল যোশীয়ে মন্তব্য কৰে যে, নীতিশ কুমাৰৰ প্ৰস্থানক লৈ সুখী বিজেপি । এতিয়া বিহাৰত অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব বিজেপিয়ে ।