/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9493239b-4e52-4fcf-bc80-03476c548fe5/modi_amit.jpg)
modi, amit
ডিজিটেল ডেস্ক: গুজৰাটৰ সাধাৰণ নিৰ্বাচন সমাগত। এই সময়চোৱাত ৰাজনৈতিক দল সমূহৰ মাজত বিবাদ অব্যাহত আছে। এইবাৰ গুজৰাটৰ নিৰ্বাচনৰ আগমুহুৰ্তত ৰাজ্যখনত বহুল প্ৰচাৰ চলাইছে আম আদমী পাৰ্টিয়ে। কেইবাটাও প্ৰতিশ্ৰুতি লৈ গুজৰাটত খোপনি পুতাৰ যো জা চলাইছে অৰবিন্দ কেজৰিৱালে।
ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সপোনৰ বেপাৰ কৰা সকলে কেতিয়াও গুজৰাটত সফলতা লাভ নকৰে। শ্বাহে তেওঁৰ লোকসভা সমষ্টি গান্ধী নগৰত কোনো প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ এই মন্তব্য কৰে। লগতে কয় যে গুজৰাটত পুনৰ এবাৰ গৰিষ্ঠসংখ্যক ভোটৰ সৈতে বিজেপিয়ে চৰকাৰ গঠন কৰিব। গুজৰাটত বিজেপিয়ে জয় লাভ কৰাৰ পৰা কোনোৱে ৰখাব নোৱাৰে।
শ্বাহৰ এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেজৰিৱালে কয় যে তেওঁ সঁচা কথা কৈছে যে যি সকলে ১৫ লাখ টকা বেংক একাউন্টত দিয়াৰ সপোন দেখুৱাই সেয়া কেতিয়াও পুৰণ নহয়। কিন্তু পঞ্জাৱ আৰু দিল্লীৰ পাছত গুজৰাটত বিজুলী বিনামূলীয়া কৰি দিম এই কথা বিশ্বাস কৰক।
উল্লেখ্য যে, গুজৰাটত বলিছে নিৰ্বাচনৰ গৰম বতাহ। পূৰ্বৰ নিৰ্বাচনত আপে গুজৰাটত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ'লেও এইবাৰ যোৰদাৰ প্ৰস্তুতি চলাইছে। আপে গুজৰাটৰ বাবে আনিছে বিভিন্ন প্ৰতিশ্ৰুত। নাৰী সুৰক্ষাৰ পৰা আৰম্ভ কৰি বিনামূলীয়া বিজুলীলৈ প্ৰতিশ্ৰুতি কৰিছে আপে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব গুজৰাটত আপৰ অভিযানে কি ৰং সানে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us