/asomiyapratidin/media/media_files/2025/01/20/31mcmZKvWOmfYBo565CC.jpg)
ডিজিটেল ডেস্কঃ অসমৰ মাজেৰে নামছাইৰ পৰা ২০ টাকৈ হাতী গুজৰাটৰ জামনগৰলৈ লৈ যোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আজিও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে অসম চৰকাৰে এই হাতী কেইটা অসমৰ নহয় বুলি স্পষ্টিকৰণ দিছে যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অৱশ্যে স্পষ্ট কৰা নাই বন বিভাগ আৰু আৰক্ষীয়ে সুৰক্ষা দি অসম পাৰ কৰি পঠিওৱা হাতী কেইটা দৰাচলতে ক’ৰ পৰা ক’লৈ লৈ যোৱা হৈছে।
এনে পৰিস্থিতিৰ মাজতে আজি উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বনতাৰাৰ ফালৰ পৰা এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰি কৰিছে। এই বিজ্ঞপ্তিত বনতাৰাই ২০ টা হাতী উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পৰা লৈ যোৱাৰ কথা উল্লেখ কৰাৰ লগতে হাতী কেইটাক শোষণমূলক কাঠ উদ্যোগৰ পৰা উদ্ধাৰ কৰা হৈছে বুলিহে উল্লেখ কৰিছে।
এক বিজ্ঞপ্তিত বানতাৰাই কয়, বানতাৰা বন্দী হাতী আৰু অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ হিচাপে পৰিচিত। বানতাৰাৰ নতুন উদ্যোগৰ অংশ হিচাপে ২০ টা হাতীক স্বাগত জনাবলৈ প্ৰস্তুত হৈছে। এই হাতীসমূহৰ ভিতৰত আছে ১০ টা মটা, ৮ টা মাইকী, ১ টা ছাব-এডাল্ট, এটা শিশু হাতী আছে। এই হাতী কেইটা উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ শোষণকাৰী লগিং উদ্যোগৰ পৰা উদ্ধাৰ কৰা হৈছে।
এই উদ্ধাৰ অভিযান ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে গঠন কৰা উচ্চ শক্তি সম্পন্ন সমিতিৰ অনুমোদন আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ জৰিয়তে চলোৱা হৈছে আৰু এই হাতীবোৰ উদ্ধাৰৰ ক্ষেত্ৰত বৰ্তমানৰ মালিকসকলৰো সম্পূৰ্ণ সন্মতি আছে। বানতাৰত উপস্থিত হোৱাৰ পিছতে এই হাতীবোৰে প্ৰাকৃতিক বাসস্থানৰ দৰে পৰিবেশত মুক্তভাৱে বাস কৰাৰ সুযোগ পাব আৰু কেতিয়াও শ্ৰমৰ বাবে ব্যৱহাৰ কৰা নহ’ব।
উদ্ধাৰ কৰা হাতীবোৰৰ ভিতৰত ১০ বছৰীয়া লক্ষ্মী নামৰ মাইকী হাতী জনীৰ ভৰিত আছে গভীৰ আঘাত। মায়া নামৰ এটি ২ বছৰীয়া হাতীক মায়া নামৰ মাকৰ সৈতে উদ্ধাৰ কৰা হৈছে। যি দীৰ্ঘদিন ধৰি লগিং উদ্যোগৰ কামত জড়িত হৈ আছিল। এই হাতীজনীৰো দেহত গভীৰ আঘাত আছে।
উদ্ধাৰৰ সময়ত ৰামু নামৰ এটা মতা হাতীক খুব টানকৈ বান্ধি থোৱা হৈছিল। যাৰ ফলত তেওঁ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতিত হৈছিল। বান্তাৰাই জাৰি কৰা বিজ্ঞপ্তিত লগতে কোৱা হৈছে কেৱল হাতী কেইটাকে উদ্ধাৰ কৰা নহয়, হাতী কেইটাৰ মালিক, মাউট আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বাবেও নতুন জীৱিকা নিশ্চিত কৰা হ’ব।
মাউটসকলক অন্যান্য মানৱীয় আৰু বৈজ্ঞানিক ভাৱে হাতী ব্যৱস্থাপনাৰ প্ৰশিক্ষণ লাভ কৰিব আৰু তেওঁলোকেই ভৱিষ্যতে উদ্ধাৰ কৰা এই হাতীসমূহ পৰিচালনা কৰিব। এই প্ৰকল্পৰ বাবে সকলো প্ৰয়োজনীয় নথি-পত্ৰ যেনে বন্যপ্ৰাণী (সুৰক্ষা) আইন-১৯৭২ ৰ অধীনত এন অ’ চি আৰু পৰিবহণৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰা হৈছে।
হাতীসমূহ বিশেষভাৱে তৈয়াৰ কৰা এম্বুলেঞ্চৰ জৰিয়তে পৰিবহণ কৰা হৈছে। এই এম্বুলেঞ্চত শিশু হাতী মাতৃৰ সৈতে একেলগে যাত্ৰা কৰিছে। বন্তাৰাৰ ২০০ জনৰো অধিক এটা বিশেষজ্ঞ দল যাৰ ভিতৰত হাতী ভেটেৰিনাৰিয়ান, পেৰাভেট, ছিনিয়ৰ কেয়াৰটেকাৰ আৰু এম্বুলেঞ্চ চালকে হাতী কেইটা মানৱীয় ভাৱে পৰিবহণৰ দায়িত্ব পালন কৰিছে।
লগতে এই বিজ্ঞপ্তিত বান্তাৰাই উল্লেখ কৰিছে, অৰুণাচলত এতিয়াও বন্দী হাতীৰ সংখ্যা ২০০ ৰো অধিক। এই হাতী সমূহ বন্যহস্তীৰ সংস্পৰ্শত আছে। লগিং উদ্যোগত হাতীৰ চাহিদা হ্ৰাস পোৱাত বন্দী হৈ থকা হাতীৰ মালিকৰ সংখ্যাও হ্ৰাস পাইছে।
এই সন্দৰ্ভত অনন্ত আম্বানীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বান্তাৰাই। অনন্ত আম্বানীয়ে তেওঁৰ প্ৰতিক্ৰিয়াত কয়, এই উদ্যোগ কেৱল হাতীৰ বাবেই নতুন জীৱন নিশ্চিত নকৰে, বৰঞ্চ স্থানীয় সম্প্ৰদায়কো এক নতুন অৰ্থনৈতিক সুযোগ প্ৰদান কৰিব।
এই হাতীসমূহে ভৱিষ্যতে মানৱীয় পৰিবেশত জীৱন কটোৱাতো ই নিশ্চিত কৰিব আৰু সঠিত যত্ন আৰু চিকিৎসাৰ মাধ্যমেৰে হাতীসমূহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য পুনৰুদ্ধাৰ কৰা হ’ব।