পেপাৰফ্ৰাইৰ সহঃপ্ৰতিষ্ঠাপক আম্বাৰীশ মূৰ্তীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু...

গৃহসজ্জা আৰু আচবাবৰ অনলাইন ব্যৱসায়ীক প্ৰতিষ্ঠান পেপাৰফ্ৰাইৰ সহঃপ্ৰতিষ্ঠাপক আম্বাৰীশ মূৰ্তীৰ যোৱা নিশা লেহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
পেপাৰফ্ৰাইৰ সহঃপ্ৰতিষ্ঠাপক আম্বাৰীশ মূৰ্তীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু...

ডিজিটেল ডেস্কঃ গৃহসজ্জা আৰু আচবাবৰ অনলাইন ব্যৱসায়ীক প্ৰতিষ্ঠান পেপাৰফ্ৰাইৰ সহঃপ্ৰতিষ্ঠাপক আম্বাৰীশ মূৰ্তীৰ যোৱা নিশা লেহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মঙলবাৰে এক টুটইযোগে এই কথা প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৰ অন্যগৰাকী সহঃপ্ৰতিষ্ঠাপক আশিষ শ্বাহে । ৫১ বছৰীয়া আম্বাৰীশ মূৰ্তী এগৰাকী মটৰচাইকেলৰ অনুৰাগী আছিল আৰু প্ৰায়েই মুম্বাইৰ পৰা লেহলৈ মটৰচাইকেল ভ্ৰমণত গৈছিল।২০১১ চনত মূৰ্তীয়ে পেপাৰফ্ৰাইৰ প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কৰ্মৰত আছিল।

Advertisment

আম্বাৰীশ মূৰ্তীৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই তেওঁৰ শুভাকাংশী সকলে তেওঁক শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰি তেওঁৰ সৈতে কটোৱা মধুৰ স্মৃতিবোৰ অনলাইলত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।দেশৰ ব্যৱসায়ীক ক্ষেত্ৰৰ এক পৰিচিত নাম আছিল আম্বাৰীশ মূৰ্তী। তেওঁৰ এই আকস্মিক মৃত্যুত সকলো মৰ্মাহত হৈছে । তেওঁৰ এক সহকৰ্মীয়ে এক টুইটযোগে শোক প্ৰকাশ কৰি কয় যে,  মাত্ৰ দুদিন পূৰ্বে তেওঁ প্ৰয়াত মূৰ্তীলৈ মেছেজ দিছিল আৰু তেতিয়া তেওঁ সম্পূৰ্ণ সুস্থ আছিল। তেওঁলোকৰ মাজত এক পুনৰ মিলন অনুষ্ঠানৰ বিষয়েও আলোচনা হৈছিল।

 আম্বাৰীশ মূৰ্তীয়ে ১৯৯৬ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) কলিকতাৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত (এম বি এ) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। উদ্যোগীকৰণৰ সৈতে আম্বাৰীশ মূৰ্তী স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ৰ পৰাই জড়িত আছিল। যেতিয়া তেওঁ ঘৰতে টিউচন দিবলৈ আৰম্ভ কৰিছিল। তেওঁ ‘টিউটৰছ ব্যুৰো’ নামৰ এটা সৰু ব্যৱসায় স্থাপন কৰিছিল যিয়ে টিউটৰসকলক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ কৰিছিল।

তেওঁ নব্বৈৰ দশকৰ আৰম্ভণিতে দুবছৰ ধৰি এই উদ্যোগটো চলাইছিল। পৰৱৰ্তী সময়ত তেখেতে ‘কেডবেৰী’ৰ সৈতে বিক্ৰী আৰু বিপণনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত প্ৰুডেন্সিয়েল আইচিআইচিআই এএমচি (বৰ্তমান আইচিআইচিআই প্ৰুডেন্সিয়েল)ত বিপণন আৰু গ্ৰাহক সেৱাৰ উপ সভাপতি হিচাপে কিছুদিন কাম কৰিছিল।

Also Read: গহপুৰত দুৰ্নীতিৰ অভিযোগঃ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰোৱাৰ বিনিময়ত দিব লাগে ২০ হাজাৰ টকা

Ambareesh Murty