গহপুৰত দুৰ্নীতিৰ অভিযোগঃ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰোৱাৰ বিনিময়ত দিব লাগে ২০ হাজাৰ টকা

গহপুৰত দুৰ্নীতিৰ অভিযোগঃ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰোৱাৰ বিনিময়ত দিব লাগে ২০ হাজাৰ টকা

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ঘোচখোৰ লাট মণ্ডল নৌছাদ আলীক সোমবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ পিছত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কাম চলি থকা গহপুৰ মহকুমাৰ একাধিক চৰকাৰী কাৰ্যালয়ত সংঘটিত হৈ অহা দুৰ্নীতি অনিয়মৰ ইটোৰ পিছত সিটো অভিযোগে এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে।

নৌছাদ আলীৰ গ্ৰেপ্তাৰৰ পিছত বিভিন্ন জনে গহপুৰ মহকুমাৰ কাৰ্যালয়ে কাৰ্যালয়ে সংঘটিত হৈ অহা দুৰ্নীতি অনিয়মৰ কাহিনী লিখি সামাজিক মাধ্যম উপচাই পেলোৱা পৰিলক্ষিত হৈছে।সেই অনুসৰি-মহকুমাটোৰ দুয়োটা উন্নয়ন খণ্ড ক্ৰমে ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰত অমৃত সৰোৱৰ আঁচনি,এম জি এনৰেগা আঁচনি,চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি,প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিকে ধৰি বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হৈ আছে।

পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিত কাগজে কলমে আঁচনি ৰূপায়ণ কৰা বুলি দেখুওৱা হৈছে যদিও কোনো কাম নোহোৱাৰ অভিযোগ। ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও দৈনিক বজাৰত তেনে এক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ পোৱা গৈছে।

য'ত কাগজে কলমেহে বৰ্তি আছে কাম।কিন্তু কৰ্মস্থলীত নাই কামৰ কোনো চিন মোকাম।গহপুৰ মহকুমাত অমৃত সৰোবৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত যি ধৰণে দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে তাৰ ওপৰত যদি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰে তেন্তে বহুতৰেই যে বিপদ ঘণ্টা বাজিব সেয়া নিশ্চিত।

অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খননৰ নামত আধাতকৈ বেছি টকা নিজৰ পকেটত ভৰাইছে নিৰ্মাণ কাৰী সংস্থাই।পুখুৰী সমূহৰ মাটি কালি আঁচনি অনুসৰি হৈছে নে নাই সেই বিষয়ে জোখ মাপ কৰি পেলালেই জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।

পুৰণি পকীঘৰ দেখুৱাই কেনেদৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বিপৰীতে আবণ্টিত ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, সচিব,জি আৰ এছ আৰু হিতাধীকাৰীয়ে আত্মসাৎ কৰি আহিছে তাৰ ওপৰতো এক উচ্চ পৰ্য্যায়ৰ তদন্ত হোৱাৰ পোষকতা কৰিছে সচেতন ৰাইজে।ঠিকাদাৰী পদ্ধতিৰে আঁচনি ৰূপায়ণ হোৱা গহপুৰ মহকুমাৰ প্ৰতিটো কাৰ্য্যলয়ত এতিয়া কমিছনৰ অংক চলিছে।

অভিযোগ অনুসৰি-কাম আবণ্টন পোৱা ঠিকাদাৰৰ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰাৰ বিনিময়ত এগৰাকী বিষয়াক দিব লাগে ১৫ ৰ পৰা ২০ হাজাৰ টকাৰ মাননী।ইয়াৰ পিছত ৰানিং বিল মঞ্জুৰ কৰাৰ বিনিময়ত ৩% আৰু ফাইনেল বিল মঞ্জুৰ কৰাৰ বিনিময়ত এগৰাকী বিষয়াক দিব লাগে ৫% কমিছন।তদুপৰি কাম তদাৰক কৰা অভিযন্তাকো দিব লাগে উপযুক্ত মাননী। নিদ্ধাৰিত মাননী নিদিয়াৰ কাৰণে চহী কৰাৰ পিছতো ৱৰ্ক অৰ্ডাৰৰ কপি ঠিকাদাৰৰ হাতত নিদি ঘৰলৈ লৈ যোৱাও ধনলোভী বিষয়া আছে গহপুৰত।

ইপিনে কাম অগ্ৰগতিৰ প্ৰতিবেদন আৰু কাম সমাপ্ত হোৱাৰ প্ৰতিবেদন (ফিজিকেল ৰিপৰ্ট) দিয়াৰ নামতো দিয়া লোৱাৰ অঘোষিত নিয়ম চলি আহিছে গহপুৰত।বান নিয়ন্ত্ৰণ,খহনীয়া আৰু মথাউৰি নিৰ্মাণৰ দায়িত্বত থকা গহপুৰ জলসম্পদ উপ সংমণ্ডলৰ কাৰ্য্যলয়টো যেন সোণৰ কণী পৰা হাঁহ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ বাবে।কেবল কমিছনৰ অংক কৰা অফিচ বুলি পৰিচিত এই কাৰ্য্যলয়টোৰ পৰা মুঠেই উপকৃত হোৱা নাই ভুক্তভোগী বানাক্ৰান্ত ৰাইজ।

একেদৰে গহপুৰ পৌৰসভাৰ কাৰ্য্যলয়ৰ অধীনত ৰূপায়ণ হোৱা আঁচনি সমূহক লৈ গহপুৰ পৌৰসভাৰ ৰাইজ কিমান সন্তুষ্ট সেইয়া নিজ গহপুৰ ৱাৰ্ডত ২৭,০৩,৬৭৮ টকাৰে নিৰ্মাণ হোৱা এটা পকী নলাত চকু ফুৰালেই সহজে অনুমান কৰিব পাৰি।পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষত টাইড আঁচনিৰ জৰিয়তে নিৰ্মাণ হোৱা মাত্ৰ ২৬০ মিটাৰ দীঘল,০.৭৫ মিটাৰ বহল আৰু ০.৮০ মিটাৰ উচ্চতাৰ প্ৰায় ২৭ লাখ টকাৰ পকী নলাটোৱে গহপুৰ পৌৰসভাত আঁচনি ৰূপায়নৰ নামত প্ৰকৃতিতে কি চলি আহিছে সেয়া দিনৰ পোহৰৰ দৰে ফটফটীয়া কৰি তুলিছে।

এইটো মাত্ৰ এটা উদাহৰণহে।চৰকাৰী আঁচনিৰ সিংহভাগ ধন কেনেকৈ পকেটস্থ কৰিব পাৰি তাৰ কৌশল চাবলৈ হ'লে গহপুৰ পৌৰসভা এলেকাত ৰূপায়ণ হোৱা দুই এটা আঁচনিত ওপৰে ওপৰে চকু ফুৰালেই সকলো পৰিস্কাৰ হৈ পৰে।ইপিনে কালি লাটমণ্ডল নৌছাদ আলী গ্ৰেপ্তাৰ হোৱাৰ পিছত স্থানীয় সচেতন ৰাইজে মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাইজ অধিক সজাগ আৰু সচেতন হ'লে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ আৰু কেইবাজনো ঘোচখোৰ লাটমণ্ডল গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত।

গহপুৰত দুৰ্নীতিৰ অভিযোগঃ এখন ৱৰ্ক অৰ্ডাৰত চহী কৰোৱাৰ বিনিময়ত দিব লাগে ২০ হাজাৰ টকা
ব্ৰহ্মপুত্ৰৰ খহনীয়া এলেকা পৰিদৰ্শন মিচিং ছাত্ৰ সন্থাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in