/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f5c21d6d-80cd-4859-bf26-4778505e8591/AP_FOR_WEB_1.jpg)
ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ প্ৰায় এবছৰ নৌহতেই দৃষ্টিশক্তি হেৰুৱালে ১৮জনকৈ লোকে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজ্যখনৰ সবাই মান সিং নামৰ চিকিৎসালয় খনত সংঘটিত হৈছ এই ঘটনা।
লোকসকলে অভিযোগ কৰা অনুসৰি চকুৰ ছানিৰ অস্ত্ৰোপচাৰ কৰাৰ পাছতেই হেৰুৱাইছিল দৃষ্টিশক্তি। ইয়াৰ প্ৰায়ভাগে ৰাজস্থান চৰকাৰৰ চিৰঞ্জিৱী হেল্থ স্কিমৰ অধীনক চিকিৎসা কৰাইছিল।
এগৰাকী ৰোগীৰ ভাষ্য অনুসৰি তেওঁ ২৩ জনুত অস্ত্ৰোপচাৰ কৰিছিল। ৫ জুলাইলৈ তেওঁ সকলো বস্তু দেখা পাইছিল। কিন্তু ৬-৭ তাৰিখৰ পৰা তেওঁ লাহে লাহে দৃষ্টিশক্তি হেৰুৱাবলৈ আৰম্ভ কৰে। ইয়াৰ পাছত পুনৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও দৃষ্টিশক্তি ঘূৰি অহা নাছিল।
ৰোগীগৰাকীক চিকিৎসকে কৈছিল যে ইনফেকশ্যন(সংক্ৰমণ)ৰ বাবে তেওঁৰ দৃষ্টিশক্তি গৈছে। পৰৱৰ্তী সময়ত তেওঁ চকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। ২ বাৰমান অস্ত্ৰোপচাৰ কৰাৰ পাছতো তেওঁ ঘূৰাই নাপালে দৃষ্টিশক্তি।
ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই কৈছে যে তেওঁলোকৰ কোনো ধৰণৰ ভুল হোৱা নাই। অৱশ্যে তদন্ত চলি আছে।
Also Read: নগাঁৱত সমবায় বিভাগৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ