মহাৰাষ্ট্ৰ সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ দিশে তেলেংগানা...

মহাৰাষ্ট্ৰ সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ দিশে তেলেংগানা...

ডিজিটেল ডেস্ক : তেলেংগানাৰ ৰাজধানী হায়দাৰাবাদ চহৰৰ চিকন্দৰাবাদ আৰক্ষীয়ে প্ৰকাশ কৰিলে এক চাঞ্চল্যকৰ তথ্য । মহাৰাষ্ট্ৰৰ বিধায়ক ক্ৰয় কৰা অনুৰূপ ঘটনা সংঘটিত হ'বলৈ গৈ আছে তেলেংগানাত । তেলেংগানাৰ শাসনাধিষ্ঠ দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়কক ক্ৰয় কৰাৰ এক পৰিকল্পনা পোহৰলৈ আহিছে আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত । চিকন্দৰাবাদ আৰক্ষীয়ে এই সন্দৰ্ভত দিয়া মন্তব্য অনুসৰি, বিধায়ক ক্ৰয় কৰা কাৰ্যত সহায় কৰা ব্যক্তি গৰাকীলৈ আগবঢ়োৱা হ'ব ১০০ কোটি টকা আৰু প্ৰতি গৰাকী বিধায়কলৈ আগবঢ়োৱা হ'ব ৫০ কোটিকৈ টকা । এনে এক ভয়াৱহ পৰিকল্পনাৰে তেলেংগানাটো অস্থিৰ ৰাজনৈতিক পৰিৱেশ সৃষ্টিৰ লক্ষ্য আছিল বিৰোধী দলৰ । একেই অনুসন্ধানত পোহৰলৈ আহিছে তেলেংগানাৰ জনপ্ৰিয় ৰাজনৈতিক পাইলট ৰোহিত ৰেড্ডীৰ নাম ।

তেলেংগানা বিধান সভাৰ সদস্য পাইলট ৰোহিত ৰেড্ডীৰ সৈতে ১০০ টকীয়া চুক্তি ইতিমধ্যেই সম্পন্ন হৈছে হায়দাৰাবাদৰ পৰা অহা তিনি গৰাকী ব্যক্তিৰ আৰু ইতিমধ্যেই বিধায়ক সকলক ৫০ কোটি টকীয়া প্ৰলোভন দেখুৱা কাৰ্যও সংঘটিত হৈ যোৱা বুলি সদৰী কৰে চিকন্দৰাবাদ আৰক্ষীয়ে ।

অৱশ্যে পাইলট ৰোহিত ৰেড্ডীৰ বাসভৱনত আৰক্ষীয়ে ইতিমধ্যেই আৰক্ষীয়ে চলাই অভিযান আৰু গ্ৰেপ্তাৰ কৰে বিধায়ক ক্ৰয় কৰিবলৈ অহা ব্যক্তি তিনিজনক । ইয়াৰ ওপৰিও সন্দেহৰ আৱৰ্তত থকা বিধায়ক সকলকো ৰখা হৈছে আৰক্ষীৰ নজৰত ।

এই সন্দৰ্ভত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ অভিযোগ অনুসৰি, ২০১৯ বৰ্ষৰ পৰাই কেন্দ্ৰীয় চৰকাৰে তেলেংগানাত 'অপাৰেচন লটাছ'ৰ চেষ্টা চলাই আহিছিল । এতিয়া পৰৱৰ্তী সময়ে হে ক'ব কিমান সফল হ'ল এই অপাৰেচন ল'টাছ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in