/asomiyapratidin/media/media_files/2024/12/02/lCo1kHSEKHxWj4M5FQcs.jpg)
ডিজিটেল ডেস্কঃ পুঁজিপতি গৌতম আদানী কাণ্ড, মণিপুৰ আৰু উত্তৰ প্ৰদেশৰ ঘটনাক লৈ একপ্ৰকাৰে অচল হৈ আছে সংসদৰ শীতকালীন অধিবেশন। বিৰোধী ৰাজনৈতিক দলসমূহে এনে কেইবাটাও বিষয়ক লৈ সংসদ উত্তাল কৰি থকাৰ মাজতে সাজু হৈছে সংবিধান সন্দৰ্ভত বিতৰ্কৰ বাবে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে সকলো ৰাজনৈতিক দলেই সংবিধানৰ ওপৰত বিতৰ্কত ভাগ ল’বলৈ সহমতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিুৱে জনোৱা অনুসৰি সংবিধানৰ ওপৰত লোকসভাত ১৩ আৰু ১৪ ডিচেম্বৰত আৰু ৰাজ্য সভাত ১৬ আৰু ১৭ ডিচেম্বৰত বিতৰ্ক অনুষ্ঠিত হ’ব। তাৰোপৰি ৰাজনৈতিক দলসমূহে সূচাৰুৰূপে সংসদ পৰিচালনাৰ ওপৰত সহমত পোষণ কৰিছে।
সংসদৰ শীতকালীন অধিবেশনৰ সময়ছোৱাত বিৰোধীয়ে আদানীৰ ঘোচ কেলেংকাৰী, অগ্নিগৰ্ভ মণিপুৰ, উত্তৰ প্ৰদেশৰ সংঘৰ্ষ আদি ঘটনাক লৈ সংসদ উত্তাল কৰি ৰাখিছে। যাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক সৰ্বদলীয় বৈঠক আহ্বান কৰে।
এই বৈঠকতে লোকসভাৰ অধ্যক্ষগৰাকীয়ে সকলো দলৰ নেতাৰ সন্মুখতে সংবিধানৰ ওপৰত আলোচনাৰ প্ৰস্তাৱ ৰাখে। এই সন্দৰ্ভত সকলো দলৰ নেতায়ে সহমতি প্ৰকাশ কৰে।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, বৈঠকত কিছু দিন ধৰি সদনত যি পৰিস্থিতিৰ সূচনা হৈছে সেই সন্দৰ্ভত সকলোৱে উদ্বেগ প্ৰকাশ কৰে। আমিও কওঁ, সদনত সকলোৱে নিজৰ কথা ৰাখিবলৈ আহে।
সদন ইমান দিন ধৰি অচল হৈ থকা, জনতাৰ ধন ইমান দিন ধৰি লোকচান হৈ থকাটো ঠিক হোৱা নাই।
সকলোৱে এই কথা মানি লৈছে। বিৰোধী পক্ষৰ পৰাও কেইবাটাও দাবী উত্থাপন কৰিছে। সংবিধানৰ ওপৰত যি আলোচনাৰ প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱত চৰকাৰে অনুমতি প্ৰদান কৰিছে।
১৩ আৰু ১৪ ডিচেম্বৰত লোকসভাত সংবিধানৰ ওপৰত আলোচনা হ’ব। ৰাজ্যসভাত ১৬ আৰু ১৭ ডিচেম্বৰত আলোচনা হ’ব। কালিলৈ আমি সদনত প্ৰথমখন বিল উত্থাপন কৰিম। সৰ্বদলীয় বৈঠকত সমাজবাদী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে মঙ্গলবাৰে সংসদত ক্ৰমে সম্ভল আৰু বাংলাদেশৰ বিষয়ৰ ওপৰত বক্তব্য ৰখাৰ দাবী উত্থাপন কৰে।
#WATCH दिल्ली: लोकसभा अध्यक्ष ओम बिरला के साथ सभी सदनों के नेताओं के साथ बैठक करने के बाद केंद्रीय मंत्री किरेन रिजिजू ने कहा, "बैठक में कुछ दिनों से सदन में जो गतिरोध बना हुआ था उस पर सबने चिंता व्यक्त की। हमने भी कहा कि सदन में सब अपना बात रखने के लिए आते हैं सदन इतने दिनों तक… pic.twitter.com/MWXdmUh1Zr
— ANI_HindiNews (@AHindinews) December 2, 2024