উচ্চতম ন্যায়ালয়ৰো সকলো গোচৰৰ শুনানিৰ হ'ব লাইভ সম্প্ৰচাৰ...

উচ্চতম ন্যায়ালয়ৰো সকলো গোচৰৰ শুনানিৰ হ'ব লাইভ সম্প্ৰচাৰ...
উচ্চতম ন্যায়ালয়ৰো সকলো গোচৰৰ শুনানিৰ হ'ব লাইভ সম্প্ৰচাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে দেশৰ ন্যায় ব্যৱস্থাক সাধাৰণ জনতাৰ অধিক কাষ চপাই নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতিটো গোচৰৰ শুনানি লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ'ব।

ইয়াৰ বাবে তৈয়াৰ কৰা হৈছে এটা বিশেষ এপ। এই এপটোৰ জৰিয়তেই শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ সকলো শুনানি লাইভ সম্প্ৰচাৰ দেশৰ জনসাধাৰণে চাব পাৰিব। অতি শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী হ'ব।

উল্লেখ্য যে, বৰ্তমান কেৱল উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ শুনানিহে লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা আছে। কিন্তু অৱসৰ ল'বলৈ সাজু হোৱা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ৰ সকলো বিচাৰপীঠৰে ন্যায় ব্যৱস্থাক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ বাবে লাইভ সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে।

মন কৰিবলগীয়া যে, কোভিড-১৯ মহামীৰৰ সময়ৰ পাছত ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে প্ৰথমবাৰৰ বাবে তিনিখন সাংবিধানিক বিচাৰপীঠৰ শুনানি লাইভ সম্প্ৰচাৰ কৰিছিল। ইউটিউব আৰু অন্য সামাজিক মাধ্যমত ইয়াৰ লাইভ সম্প্ৰচাৰ হৈছিল।

প্ৰথম দিনা এই সম্প্ৰচাৰ মুঠ ৮ লাখ লোকে চাইছিল। যি ব্যৱস্থা এতিয়াও অব্যাহত আছে। কেৱল উচ্চতম ন্যায়ালয়েই নহয় অন্যান্য আদলতসমূহেও এই ব্যৱস্থা অনুসৰণ কৰি আহিছে। অহা ১০ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰে গ্ৰহণ কৰা এই পদক্ষেপ নিশ্চয়কৈ দেশৰ ন্যায়িক ব্যৱস্থাৰ বাবে এক উল্লেখনীয় ব্যৱস্থা হিচাপে পৰিগণিত হ'ব।

উচ্চতম ন্যায়ালয়ৰো সকলো গোচৰৰ শুনানিৰ হ'ব লাইভ সম্প্ৰচাৰ...
পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে অমানুষিক অত্যাচাৰৰ অভিযোগ চাৰিদুৱাৰৰ বৃদ্ধ দম্পতীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in