শব্দতকৈ বেগী ব্ৰহ্মছ মিছাইলঃ অপাৰেচন সিন্দূৰৰ পিছতে বিশ্বজুৰি চৰ্চাৰ শীৰ্ষত

অপাৰেচন সিন্দূৰক লৈ চৰ্চা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অব্যাহত আছে। ভাৰতীয় সেনাই ইতিমধ্যে আনুষ্ঠানিকভাৱে এই অপাৰেচন সিন্দূৰৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শব্দতকৈ বেগী ব্ৰহ্মছ মিছাইলঃ অপাৰেচন সিন্দূৰৰ পিছতে বিশ্বজুৰি চৰ্চাৰ শীৰ্ষত

ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰক লৈ চৰ্চা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অব্যাহত আছে। ভাৰতীয় সেনাই ইতিমধ্যে আনুষ্ঠানিকভাৱে এই অপাৰেচন সিন্দূৰৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছে। তাৰ সমান্তৰালকৈ ভাৰতীয় সেনাই এই অভিযানৰ সময়ত কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল সেই বিষয়েও জনাইছে।

Advertisment

তাৰ মাজতেই চৰ্চাৰ শীৰ্ষত আছে ব্ৰহ্মছ ক্ৰুজ মিছাইল। এই মিছাইলৰ এনে চৰ্চাৰ মাজতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজ নাথ সিঙেও এই অস্ত্ৰ নিৰ্মাণৰ এক কাৰখানা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিছে। 
উল্লেখ্য যে, ব্ৰহ্মছ ক্ৰুজ মিছাইল ভাৰতৰ সৰ্বাধিক বেগৱান মিছাইল হিচাপে পৰিচিত, যিয়ে শব্দতকৈ তিনিগুণ অধিক বেগত গতি কৰিব পাৰে। এই মিছাইল স্থল, জল, আকাশ তথা পানীৰ তলৰ পৰাও উৎক্ষেপণ কৰিব পৰা যায়। ।

ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত বৰ্তমানে ব্ৰহ্মছ মিছাইলক আৰু অধিক উন্নত মানৰ কৰি নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত আছে। ভাৰত আৰু ৰাছিয়াই যৌথভাৱে বিকাশ কৰা ব্ৰহ্মছ-২  মিছাইল দেশৰ বাবে এটা পৰবর্তী প্ৰজন্মৰ অস্ত্ৰ ব্যৱস্থা হ’ব।

এই মিছাইল স্ক্ৰামজেট ইঞ্জিন দ্বাৰা চালিত হ’ব আৰু মেক-৮ অৰ্থাত ধ্বনিত্ৰুটিৰ আটাইতকৈ অধিক বেগত গতি কৰিব পাৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পৰিসৰ ১,৫০০ কিলোমিটাৰ হ’ব আৰু ই অতি নিখুঁততাৰে লক্ষ্য ভেদ কৰিবলৈ সক্ষম হ’ব বুলিও কোৱা হৈছে।

এই হাইপাৰচনিক মিছাইলৰ নামকৰণ ব্ৰহ্মছ-২(কে) হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰখ্যাত মিছাইল বিজ্ঞানী ড০ এ. পি. জে. আব্দুল কালামৰ সন্মানত কৰা হৈছে। স্মৰ্তব্য প্ৰথমবাৰৰ বাবে ২০০১ চনৰ ১২ জুনত ব্ৰহ্মছ মিছাইলৰ পৰীক্ষা কৰা হৈছিল।

এই মিছাইলক "ব্ৰহ্মপুত্ৰ" আৰু "মস্কভা" নদীৰ নাম একত্ৰ কৰি নামকৰণ কৰা হৈছিল। ১৯৯৮ চনত ভাৰত-ৰাছিয়া যৌথ উদ্যোগ BrahMos Aerospace গঠন কৰি এই পৰিকল্পনা আৰম্ভ কৰা হৈছিল, যাৰ প্ৰাৰম্ভিক পুঁজিৰ পৰিমাণ আছিল ২৫০ মিলিয়ন ইউ এছ ডলাৰ।

এই মিছাইলে ২০০ ৰ পৰা ৩০০ কিলোগ্ৰাম ওজনৰ উচ্চ-ধ্বংসাত্মক বোমা বহন কৰিব পাৰে আৰু ইয়াৰ উন্নত সংস্কৰণ সমূহে ৫০০ ৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত পৰিসৰ পৰ্যন্ত সামৰি ল’ব পাৰে। 

ভাৰতীয় সেনা