/asomiyapratidin/media/media_files/2025/05/09/oFxYrioMxjZwLywPP01o.jpg)
ডিজিটেল ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ভাৰতৰ পশ্চিম সীমান্তৰ ২৪টা বিমানবন্দৰ পুনৰ অতিৰিক্ত পাঁচ দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। ফলত অহা ১৫ মে’লৈকে এই ২৪ টা বিমান বন্দৰ বন্ধ থাকিব।
পাকিস্তানৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এক বিবৃতিত অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে অহা ১৫ মে’, বৃহস্পতিবাৰৰ পুৱা ৫.২৯ বজালৈকে এই বিমান বন্দৰ কেইটা বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
এই বিমান বন্দৰসমূহৰ ভিতৰত আছে পঞ্জাৱৰ অমৃতসৰ, লুধিয়ানা, পটিয়ালা, বাথিণ্ডা, হালৱাৰাআৰু পাথানকোট, হিমাচল প্ৰদেশৰ ভুণ্টাৰ, ছিমলা আৰু কংগৰা-গাগল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চণ্ডীগড়, জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু জম্মু, লাডাখৰ লেহ, কিশেনগড়, জয়ছলমেৰ, যোধপুৰ আৰু ৰাজস্থানৰ বিকানেৰ, গুজৰাটৰ মুন্দ্ৰা, জামনগৰ, হিৰসৰ, পোৰবন্দৰ, কেশোদ, কণ্ডলা আৰু ভূজ।
ইফালে কেইবাটাও বিমান সংস্থাই এই বিমানবন্দৰসমূহলৈ বিমান সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এয়াৰ ইণ্ডিয়াই জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, চণ্ডীগড়, ভুজ, জামনগৰ, আৰু ৰাজকোটলৈ বিমান সেৱা বাতিল কৰিছে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে।
ইণ্ডিগোৱে কেইবাখনো প্ৰভাৱিত চহৰলৈও তেওঁলোকৰ বিমানৰ উৰণ বাতিল কৰিছে। তেওঁলোকে যাত্ৰীসকলক সঘনে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ আৰু পুনৰ বুকিং বা ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিবলৈ অহ্বান জনাইছে।
পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত ঘাটি স্থাপন কৰি ভাৰতৰ বিৰুদ্ধে কূটাঘাতমূলক কাৰ্যকলাপত জড়িত থকা ৯ টাকৈ শিবিৰ ধ্বংস কৰাৰ পাছতে পাকিস্তানে ভাৰতক যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আহিছে। সীমান্তৰ জম্মু, পঞ্জাৱ, ৰাজস্থান আদিৰ একাধিক অঞ্চলত পাকিস্তানে ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ অপচেষ্টা অব্যাহত ৰাখিছে।
ইফালে যিসমূহ বিমান বন্দৰত বিমানৰ উৰণ আৰু অবতৰণ অব্যাহত আছে সেইসমূহত যাত্ৰীসকলক যাত্ৰাৰ কমেও তিনি ঘণ্টা পূৰ্বে উপস্থিত হ’বলৈ পৰামৰ্শ দিছে। তাৰ মাজতে শ শ বিমান যাত্ৰা বাতিল কৰা হৈছে।
ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটিয়ে সকলো যাত্ৰীৰ বাবে ছেকেণ্ডাৰী লেডাৰ পইণ্ট চেক (এছএলপিচি)কে ধৰি বৰ্ধিত পৰীক্ষাৰ নিৰ্দেশ দিছে। টাৰ্মিনেলত দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰা হৈছে, আৰু প্ৰয়োজন অনুসৰি এয়াৰ মাৰ্শ্বাল নিয়োগ কৰাৰ কথাও ঘোষণা কৰিছে।