টাটাৰ মালিকাধীন এয়াৰ ইণ্ডিয়াত সংযোজন হ'ব আন ৩০খন বিমানৰ

অহা ১৫ মাহত সংযোজন হ'ন ২৫ খন এয়াৰ বাছ আৰু ৫ খন বোয়িং বিমানৰ
টাটাৰ মালিকাধীন এয়াৰ ইণ্ডিয়াত সংযোজন হ'ব আন ৩০খন বিমানৰ

ডিজিটেল ডেস্ক : টাটা উদ্যোগৰ মালিকাধীন এয়াৰ ইণ্ডিয়াই সোমবাৰে আন ৩০ খন বিমান সংযোজন কৰাৰ কথা ঘোষণা কৰে । ইয়াৰে ৫ খন বোয়িং বিমান আৰু ২৫ খন এয়াৰ বাছ বুলিও জানিবলৈ দিয়ে প্ৰতিষ্ঠানটিয়ে । যোৱা বছৰ ডিছেম্বৰৰ পৰাই এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু বাণিজ্যিক সেৱাৰ বাবে অধিক বিমানৰ অন্তৰ্ভূক্তি কৰাৰ কথা আলোচনা কৰি আছিল । এই সন্দৰ্ভত প্ৰয়োজন হ'ব লগীয়া লীজ আৰু নথি পত্ৰত ইতিমধ্যেই স্বাক্ষ্যৰ কৰিছে এয়াৰ ইণ্ডিয়াই ।

উল্লেখ্য যে, ২০২২ চনৰ শেষলৈ অন্তৰ্ভূক্ত হ'ব লগীয়া এই বিমান কেইখনে প্ৰতিষ্ঠানটোৰ বহন ক্ষমতা ২৫ শতাংশলৈ বৃদ্ধি কৰিব । এই নতুন বিমান কেইখনৰ সংযোজন টাটাই মালিকীস্ৱত্ব লোৱাৰ পাছত প্ৰথম উল্লেখনীয় পদক্ষেপ । এই ৩০ খন বিমানৰ বোয়িং বিমান কেইখন ভাৰতৰ মেট্ৰ' চহৰ কেইখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in