/asomiyapratidin/media/media_files/2025/06/12/NPRgYpGpHwwJvMVAFMky.jpg)
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ B787 Dreamliner যাৰ পঞ্জীয়ন নম্বৰ VT-ANB আজি আহমেদাবাদৰ ছৰ্দাৰ বল্লভভাই পটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰাৰ কিছু মুহূৰ্তৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়। AI-171 নম্বৰৰ এই বিমানখন গেটউইক (লণ্ডন) অভিমুখে গৈ ৰাওনা হৈছিল।
এই দুৰ্ঘটনা সন্দৰ্ভত DGCA-এয়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত উল্লেখ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ২৪২ জন ব্যক্তি আছিল। যাৰ ভিতৰত ২জন পাইলট, ১০জন কেবিন ক্ৰু আৰু ২৩০ জন যাত্ৰী।
বিমানখনৰ পাইলট আছিল কেপ্টেন সুমীত সবৰৱাল (LTC) যাৰ ৮২০০ ঘণ্টাৰ উৰণি অভিজ্ঞতা আছিল। সহ-পাইলট আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুন্দাৰ, যাৰ ১১০০ ঘণ্টাৰ উৰণ অভিজ্ঞতা আছিল।
এয়াৰ ট্ৰেফিক কন্ট্ৰ'লৰ তথ্যমতে, বিমানখন আহমেদাবাদৰ ৰাণৱে ২৩ৰ পৰা ১৩:৩৯ বজাত উৰা মাৰিছিল। তাৰ পিছতেই বিমানখনে "MAYDAY" কল দিয়ে, কিন্তু তাৰ পাছত ATC ৰ কলসমূহৰ কোনো প্ৰত্যুত্তৰ নাহে।
DGCA য়ে প্ৰাথমিকভাৱে সন্দেহ কৰিছে যে, বিমানখন উৰাৰ সময়তে দুয়োটা ইঞ্জিনেই ব’ৰ্ড ষ্ট্ৰাইকৰ সন্মুখীন হয়। ফলস্বৰূপে ইঞ্জিনে সম্পূৰ্ণ শক্তি হেৰুৱায় আৰু বিমানখন নিয়ন্ত্ৰণহীন হৈ পৰে।
DGCA, NTSB আৰু স্থানীয় আৰক্ষী-প্ৰশাসনে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ অভিযান অব্যাহত আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু ঘটনাটোৰ উচ্চ-স্তৰীয় তদন্তৰ নিৰ্দেশ দিছে।