/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/42f0b278-51e4-4251-9176-9f647f417f54/pm.jpg)
ডিজিটেল ডেস্ক : স্বপ্নদ্ৰষ্টা উদ্যোগপতি ৰতন টাটাই এটা দশক পূৰ্বেই ভাৰতত উৰাজাহাজ নিৰ্মাণৰ থলুৱা উদ্যোগ স্থাপনৰ সপোন পূৰণ হোৱাৰ দিশত । ৰবিবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ বদোদৰাত স্থাপন কৰে উদ্যোগৰ আধাৰশিলা । ২২ হেজাৰ কোটি টকীয়া এই উদ্যোগত আগন্তুক দিনত নিৰ্মাণ কৰা হ'ব টাটাৰ এয়াৰবাছ । ইয়াৰ ওপৰিও এই উদ্যোগৰ পৰা ১৫ হেজাৰ সংস্থাপনৰ আশা কৰা হৈছে ।
সততেই 'মেক ইন ইণ্ডিয়া'ৰ কথা কৈ অহা প্ৰধান মন্ত্ৰীয়ে এই আধাৰশিলা স্থাপন কৰি মন্তব্য কৰে যে, দেশত উৰাজাহাজ নিৰ্মাণ কৰা ব্যক্তিগত খণ্ডৰ এইটোৱে প্ৰথম উদ্যোগ । ভৱিষ্যতলৈ এনে উদ্যোগ আৰু নিৰ্মাণ কৰা হ'ব বুলিও ভাষ্য প্ৰদান কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ।
প্ৰধান মন্ত্ৰীৰ সৈতে এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গুজৰাটৰ মুখ্য মন্ত্ৰী ভূপেন্দ্ৰ পাটিল ।