কিদৰে সংঘটিত হৈছিল আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনা?

গুজৰাটত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বৃহস্পতিবাৰে আহেমদাবাদ বিমানবন্দৰৰ সমীপত এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

author-image
Asomiya Pratidin
New Update
কিদৰে সংঘটিত হৈছিল আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনা?

ডিজিটেল ডেস্কঃ গুজৰাটত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বৃহস্পতিবাৰে আহেমদাবাদৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পিছতে বিমানবন্দৰৰ সমীপত এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

এই বিমানখন আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। ইতিমধ্যে এই ঘটনাৰ কেইবাটাও ভিডিঅপোহৰলৈ আহিছে। সেই সকলোবোৰ ভিডিঅ সামাজিক মাধ্যমত  ভাইৰেল হৈ পৰিছে।

 ভাইৰেল ভিডিঅটোত এয়াৰ ইণ্ডিয়াৰ বিমানখনে বিমানবন্দৰৰ পৰা উৰা মাৰি কাষৰীয় অঞ্চলৰ ওপৰেদি স্বাভাৱিক অৱস্থাতকৈ বহু তলেৰে উৰি গৈছিল। তাৰ পিছত কিছুসময় উৰাৰ পিছতে অঞ্চলটোত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

 বিমানখন দুৰ্ঘটনাৰ সময়ত প্ৰচণ্ড শব্দৰে বিস্ফোৰণো হয়। এই বিস্ফোৰণৰ প্ৰভাৱ ইমানেই বেছি আছিল যে জুইৰ শিখাই আকাশৰ অতি উচ্চতালৈ উঠিছিল। সেই ভয়ংকৰ দৃশ্যও পোহৰলৈ আহিছে।

দুৰ্ঘটনাৰ এই ভিডিঅ চাই বহু নেটিজেনে উদ্বেগ প্ৰকাশ কৰিছে। প্ৰাথমিক খবৰ অনুসৰি বিমানখনত ২৪২ জন যাত্ৰী আছিল। তাৰোপৰি জনবহুল অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত স্থানীয় বহু লোকৰো প্ৰাণ নাশৰ আশংকা কৰা হৈছে। অৱশ্যে এতিালৈকে স্থানীয় কিমান লোকৰ প্ৰাণ নাশ হৈছে সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই। 

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। বহু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈছে। এতিয়াৰ বাবে দুৰ্ঘটনাস্থলীৰ আশে-পাশে থকা সকলো পথ বন্ধ কৰি দিয়া হৈছে। উদ্ধাৰৰ অভিযান চলি আছে। 

বিমান দুৰ্ঘটনা আহমেদাবাদ গুজৰাট