![দেশৰ শীৰ্ষ ১০ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকা প্ৰকাশ...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/31/MncQwgr2qa9bSL6DNoms.jpg)
ডিজিটেল ডেস্কঃ এ ডি আৰে প্ৰকাশ কৰিছে দেশৰ শীৰ্ষ ১০ গৰাকী ধনাধ্য মুখ্যমন্ত্ৰীসকলৰ তালিকা। সোমবাৰে প্ৰকাশ পোৱা এই তালিকাক লৈ ইতিমধ্যে দেশজুৰি নানান প্ৰতিক্ৰিয়া আৰু চৰ্চা হৈছে।
প্ৰকাশিত তালিকা অনুসৰি দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীগৰাকী হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। তেলেগু দেশম পাৰ্টীৰ এই নেতাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণহৈছে ৩৯১ কোটি টকা।
আনহাতে দেশৰ আটাইতকৈ দুখীয়া মন্ত্ৰী হিচাপে বিবেচিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ মাত্ৰ ১৫ লাখ টকা।
দেশৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী নেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰা মমতা বেনাৰ্জী দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী। এ ডি আৰে প্ৰকাশ কৰা এই তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্থান ৯ নম্বৰত। এ ডি আৰৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭ কোটি টকা।
মন কৰিবলগীয়া যে এ ডি আৰৰ এই তালিকা অনুসৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩২ কোটি টকা। ৩৩২ কোটি টকাৰ সম্পত্তিৰে তেওঁ দেশৰ দ্বিতীয়স্থানৰ ধনী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।
লক্ষ্যণীয় বিষয় যে, দেশৰ আটাইতকৈ ঋণগ্ৰস্ত মুখ্যমন্ত্ৰীহিচাপেও বিবেচিত হৈছে পেমা খাণ্ডুৰ। তেওঁৰ মুঠ ঋণৰ পৰিমাণ ১৮০ কোটি টকা।
তালিকা অনুসৰি ধনী মুখ্যমন্ত্ৰীৰ তৃতীয় স্থানত আছে কৰ্ণাটকৰ সিদ্দাৰামাইয়া। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫১ কোটি টকা। চতুৰ্থগৰাকী ধনী মুখ্যমন্ত্ৰী নাগালেণ্ডৰ নেফিঅ’ ৰিঅ’। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৬ কোটি।
পঞ্চমগৰাকী ধনী মুখ্যমন্ত্ৰী মধ্যপ্ৰদেশৰ মোহন যাদৱ। তেওঁৰ মুঠ সম্পত্তি ৪২ কোটি। ষষ্ঠগৰাকী ধনী মুখ্যমন্ত্ৰী পুডুচেৰীৰ এন ৰংগস্বামী। তেওঁৰ মুঠ সম্পত্তি ৩৮ কোটি। তালিকাৰ সপ্তম স্থানত আঠে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী। তেওঁৰ মুঠ সম্পত্তি ৩০ কোটি।
২৫ কোটি টকাৰ সম্পত্তিৰে তালিকাৰ অষ্টম স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ১৪ কোটি সম্পত্তিৰে তালিকাৰ দশম স্থানত থিয় দিছে।
সেইদৰে দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত প্ৰথম স্থানত মমতা বেনাৰ্জী আছে। দুখীয়া মুখ্যমন্ত্ৰীৰ ১০ জনীয়া তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানলৈ আছে ক্ৰমে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, কেৰালাৰ পিনাৰায় বিজয়ন, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি।