ঘূৰি আহিছে আদানীৰ ভাল দিন!

ঘূৰি আহিছে আদানীৰ ভাল দিন!

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগীয়া হৈছিল গৌতম আদানী। কিন্তু পুনৰ আদানীৰ শ্বেয়াৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘন্টাত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৭৩ আৰৱ ডলাৰ(১৪,১৪২ কোটি) বৃদ্ধি হয়। কেৱল আদানীয়ে নহয়, আম্বানীৰ নেটৱৰ্থো বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্য অনুসৰি গৌতম আদানীৰ মুঠ নেটৱৰ্খ বৃদ্ধি হৈ ৫৯.৮ আৰৱ ডলাৰ হৈছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৪,১৪২ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। যাৰ ফলত তেওঁ বিশ্বৰ আৰৱপতীৰ তালিকাৰ ২১ নম্বৰত লাভ কৰিবলৈ সক্ষম হয়। শ্বেয়াৰ বজাৰত আদানীৰ ১০ টা কোম্পানীৰ ৫ টাত বৃদ্ধি হোৱা দেখা গৈছে।

উল্লেখ্য যে, ২০২৩ ৰ জানুৱাৰী মাহত এক প্ৰতিবেদন প্ৰকাশৰ পাছত আদানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছিল। যাৰ পাছত বিশ্বৰ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাত থকা আদানী ৩৭ নম্বৰলৈ গৈছিল। অৱশ্যে এতিয়া পুনৰ বৃদ্ধি হ'ব ধৰিছে আদানীৰ সম্পত্তি।

ঘূৰি আহিছে আদানীৰ ভাল দিন!
শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ডাক কৰ্মচাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in