শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ডাক কৰ্মচাৰী

নগাঁও চহৰৰ লাওখোৱা পথত বুধবাৰে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ডাক কৰ্মচাৰী

ডিজিটেল সংবাদ , নগাঁও: নগাঁও চহৰৰ লাওখোৱা পথত বুধবাৰে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন ট্ৰাকে এজন পথচাৰিক মহতিয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

এ এছ -০১ -ডি -১৫৫২ নম্বৰৰ ট্ৰাক খনে লাওখোৱা পথত লক্ষীৰাম কলিতা নামৰ পথচাৰিজনক মহতিয়াই নিয়ে। ফলত কলিতাৰ থিতাতে মৃত্যু হয়।এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত লোকে ট্ৰাক চালক নজৰুল ইছলামক উত্তম -মাধ্যম শোধাই পৰিস্থিতি জটিল কৰি তোলে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত নগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে ট্ৰাক চালকজনক আটক কৰি থানালৈ লৈ যায়। দুৰ্ঘটনাটোত নিহত লক্ষীৰাম কলিতাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে‌।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে।কলিতাৰ ঘৰ লাওখোৱা পথৰ লখিমী পথত।কলিতাৰ মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।কলিতা ডাক বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

Also Read: ৫০০ টকা উৎকোচ লোৱা আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জি পি সিঙৰ

road accident