বলুকাত ৰাজপ্ৰসাদ সজা আদানি...

কেৱল এখন প্ৰতিবেদনেই কাল নমাই আনিলে আদানি গ্ৰুপলৈ
বলুকাত ৰাজপ্ৰসাদ সজা আদানি...

ডিজিটেল ডেস্ক : 'হিণ্ডেনবাৰ্গ ৰিছাৰ্চ'ৰ প্ৰতিবেদন তথা শ্বেয়াৰ জালিয়াতি প্ৰকাশ পোৱাৰ দহ দিনত আদানি গোষ্ঠীৰ ক্ষতি হৈছে মুঠতে ৯ লাখ ৭৩ হেজাৰ কোটি টকা । এই ধনৰ পৰিমাণ হৈছে চলিত বৰ্ষৰ কেন্দ্ৰীয় ৰে'ল বাজেটত ধাৰ্য হোৱা ধনৰ পৰিমাণতকৈ চাৰিগুণ বেছি । শ্বেয়াৰ বজাৰত আদানি গ্ৰুপে কৰি অহা কেলেংকাৰী প্ৰকাশ পোৱাৰ পিচত বিনিয়োগকাৰীসকলে পুজিঁপতি গৌতম আদানিৰ কোম্পানীসমূহৰ পৰা বিনিয়োগ প্ৰত্যাহাৰ কৰিছে ।

ফলত শ্বেয়াৰ বজাৰত আদানিৰ কোম্পানীসমূহত হোৱা খহনীয়া অব্যাহত আছে । বাণিজ্য আৰু অৰ্থনীতি বিষয়ক ৱেবছাইট 'ফৰচুন'ৰ প্ৰতিবেদন অনুযায়ী হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পূৰ্বে আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ২১ হেজাৰ ৭০০ কোটি ডলাৰ । বিগত দহ দিনত এই পৰিমাণ হৈছেগৈ ৯,৯০০ কোটি ডলাৰ । অৰ্থাৎ দহ দিনত আদানিয়ে শ্বেয়াৰ বজাৰত হেৰুৱাইছে মুঠ সম্পত্তিৰ ৫০ শতাংশ । ফলত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ হেৰুৱাইছে আদানিয়ে ।

উল্লেখ্য যে, হিণ্ডেনবাৰ্গে যোৱা ২৪ জানুৱাৰীত প্ৰকাশ কৰা প্ৰতিবেদনৰ মতে যোৱা এটা দশক ধৰি শ্বেয়াৰৰ মূল্যৰ জালিয়াতি কৰি বিনিয়োগকাৰীক ঠগাই আহিছিল আৰু অতি কম দিনৰ ভিতৰতেই ৰমৰমীয়া হৈ পৰিছিল এই ব্যৱসায় ।

আনকি হিণ্ডেনবাৰ্গে পোহৰলৈ আনে আদানিৰ ভুৱা কোম্পানীৰ তথ্য । বিগত বুধবাৰে ভাৰতৰ কেন্দ্ৰীয় বাজেট দাখিলৰ পিচত আদানিয়ে নিজে এফ পি অ' বাতিল কৰি বিনিয়োগকাৰীৰ বিশ হেজাৰ কোটি টকা উভতাই দিয়ে । এই কাৰ্যৰেও আদানিয়ে ঘূৰাই আনিব পৰা নাই কোনো মহলৰ আস্থা । অব্যাহত আছে খহনীয়া ।

আদানি এন্টাৰপ্ৰাইজৰ শ্বেয়াৰ মূল্য যোৱা ১ ফেব্ৰুৱাৰীলৈকে হ্ৰাস পায় ৩৮ শতাংশ । ক্ষতিৰ পৰিমাণ প্ৰায় চাৰি লাখ কোটি টকা । খহনীয়াৰ পৰা ৰক্ষা পৰা নাই এন ডি টি ভি টেলিভিছ চেনেল কোম্পানীৰ শ্বেয়াৰো । কেইমাহমান পূৰ্বেই আদানিয়ে এই কোম্পানীটোৰ সিংহভাগ শ্বেয়াৰ ক্ৰয় কৰিছিল । যোৱা দিনকেইটাত এন ডি টি ভিৰ শ্বেয়াৰৰ দাম কমিল ১৭ শতাংশ ।

এতিয়া প্ৰশ্ন হয়, ইমানেই দুৰ্বল আছিল নে আদানিৰ ব্যৱসায় যে কেৱল এখন প্ৰতিবেদনেই থানবান কৰি পেলালে সাম্ৰাজ্য ? ইয়াৰ ওপৰিও ভৱিষ্যতে যদিহে দেউলীয়া হোৱাৰ দোহাই দি বিদেশলৈ পলায়ন কৰে তেন্তে আদানিৰ সৈতেই থাকি যাব ভাৰতীয় ষ্টেট বেংকৰ হাজাৰ হাজাৰ কোটি টকা । যি টকা সাধাৰণ ৰাইজৰ । আনহাতে, এনে হোৱাৰ সম্ভাৱনা এই কাৰণেই অধিক যে ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা পৰিলক্ষিত হৈছে দেশত । বিজয় মালিয়া, নিৰভ মোডীয়েই ইয়াৰ উদাহৰণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in