বিনিয়োগকাৰীৰ স্বাৰ্থত আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে ২০ হাজাৰ কোটিৰ এফ পি অ'...

বিনিয়োগকাৰীৰ স্বাৰ্থত আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে ২০ হাজাৰ কোটিৰ এফ পি অ'...
বিনিয়োগকাৰীৰ স্বাৰ্থত আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে ২০ হাজাৰ কোটিৰ এফ পি অ'...

ডিজিটেল ডেস্কঃ গৌতম আদানীৰ সাম্ৰাজ্যত অব্যাহত আছে পতন। মাত্ৰ সৌ সিদিনা বিশ্বৰ দ্বিতীয়জন ধনী ব্যক্তি হিচাপে চিহ্নীত হৈ পৰা আদানী এতিয়া নাই বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তি তালিকাত।

একেদৰে আদানীক অতিক্ৰম কৰি এতিয়া মুকেশ আম্বানী হৈ পৰিল এছিয়াৰ আটাইতকৈ ধনাধ্য ব্যক্তি। আদানী সাম্ৰাজ্যৰ এনে পতনৰ মাজতে গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বুধবাৰে মাজ নিশা আদানীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে।

সেই অনুসৰি আদানী এণ্টাৰপ্ৰাইজে ২০ হাজাৰ কোটি টকাৰ এফ পি অ' প্ৰত্যাহাৰ কৰিব। আদানী গ্ৰুপে এক প্ৰেছ বিবৃতিত কয়, আদানী গ্ৰুপ বিনিয়োগকাৰীসকলৰ কাষত থিয় হৈছে।

উল্লেখ্যে যে, আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ দ্বাৰা আদানী গ্ৰুপৰ ওপৰত ওলোৱা প্ৰতিবেদনৰ পিছতে পতন আৰম্ভ হৈছিল আদানীৰ সাম্ৰাজ্যত। হোৰাহোৰে হ্ৰাস পাইছিল আদানী গ্ৰুপৰ ষ্টকৰ মূল্য ৷

এনে পৰিস্থিতিত আদানী গ্ৰুপে ২০ হাজাৰ কোটিৰ এফ পি অ' প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ বিষয়ে আদানীয়ে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জকো অৱগত কৰিছে। প্ৰেছ বিবৃতিটোত আদানী গ্ৰুপে কৈছে, আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ ব’ৰ্ডে সম্পূৰ্ণৰূপে চাবস্ক্ৰাইব কৰা ফ’ল’-অন পাব্লিক অফাৰ (এফপিঅ’)ৰ সৈতে আগবাঢ়ি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অভূতপূৰ্ব পৰিস্থিতি আৰু বৰ্তমানৰ বজাৰৰ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত কোম্পানীটোয়ে এফ পি অ’ৰ উপাৰ্জন ঘূৰাই দি আৰু সম্পূৰ্ণ হোৱা লেনদেন প্ৰত্যাহাৰ কৰি নিজৰ বিনিয়োগকাৰী সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে ৷

আনহাতে আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ অধ্যক্ষ গৌতম আদানীয়ে তেওঁলোকৰ কোম্পানীৰ এফ পি অ'ৰ প্ৰতি দেখুওৱা সমৰ্থন আৰু দায়বদ্ধতাৰ বাবে সকলো বিনিয়োগকাৰীক ধন্যবাদ জনাইছে। তেওঁ কয়, কালি এফ পি অ'ৰ চাবস্ক্ৰিপচন সফলতাৰে বন্ধ কৰা হৈছে । যোৱা সপ্তাহত ষ্টকৰ অস্থিৰতাৰ পিছতো, কোম্পানীৰ প্ৰতি থকা আপোনালোকৰ বিশ্বাসে আমাক অধিক আশ্বস্ত আৰু নম্ৰ কৰি তুলিছে ।

তেওঁ কয়, কালিৰ দিনটোত আদানী গ্ৰুপৰ ষ্টকৰ মূল্যৰ ব্যাপক উঠা-নমা ঘটাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীৰ ব’ৰ্ডে অনুভৱ কৰি বিষয়টোৰ সৈতে আগবাঢ়ি যোৱাটো নৈতিকভাৱে শুদ্ধ নহ’ব বুলি বিবেচনা কৰিছে। বিনিয়োগকাৰীসকলৰ স্বাৰ্থক আমি সৰ্বোচ্চ গুৰুত্ব দিও আৰু সেয়েহে তেওঁলোকক যিকোনো সম্ভাব্য বিত্তীয় লোকচানৰ পৰা সুৰক্ষিত কৰিবলৈ আমি দায়বদ্ধ ।

বিনিয়োগকাৰীৰ স্বাৰ্থত আদানী গ্ৰুপে প্ৰত্যাহাৰ কৰিলে ২০ হাজাৰ কোটিৰ এফ পি অ'...
কলিজা আইতা আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in