/asomiyapratidin/media/media_files/2024/12/14/lfjse2RXPYjkJUWvLWiK.jpg)
ডিজিটেল ডেস্কঃ ৰূপালী পৰ্দাত 'ঝুকেগা নেহী' বুলি কোৱা 'পুষ্পা'ই অৱশেষত বাস্তৱত আইনৰ সন্মুখত তল মূৰ কৰিবলগীয়া হ'ল। চেলুলয়ডত নিজকে 'ৱাইল্ড ফায়াৰ' হিচাপে ঘোষণা কৰা আল্লু অৰ্জুনে 'পুষ্পা-২' ছবিত আৰক্ষীৰ ওচৰত পৰাস্ত নহ’লেও বাস্তৱত আৰক্ষীৰ ওচৰত পৰাস্ত হ’বলৈ বাধ্য হ’ল।
কেমেৰাৰ সন্মুখত আৰক্ষীক কেৰেপ নকৰা আল্লু অৰ্জুনে বাস্তৱত কিন্তু সেই গৰম দেখুৱাব নোৱাৰিলে। অত্যন্ত বিনয়ৰে অভিনেতাগৰাকীয়ে কবলৈ বাধ্য হ'ল- মই দুখিত, শোকাহত। আইনক সন্মান কৰি তদন্তক সহযোগিতা কৰিম।
শুকুৰবাৰে দুপৰীয়া 'পুষ্পা-২' ছবিৰ নায়ক আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ সময়তো তেওঁৰ দেহত দেখা গৈছিল পুষ্পা চিনেমাৰ প্ৰভাৱ। আৰক্ষীৰ সন্মুখত নায়কৰ দৰেই হাতত একাপ কফি লৈ তেওঁ হাঁহি মুখে পত্নীক চুম্বন কৰিছিল।
তাৰ পাছতেই আৰক্ষীৰ গাড়ীত উঠি তেওঁ গুছি গৈছিল। শুকুৰবাৰে বিয়লিয়ে তেওঁ জামিন লাভ কৰিছিল যদিও এটা নিশা কাৰাগাৰতে থাকিবলগীয়া হ’ল এইগৰাকী ছুপাৰষ্টাৰ।
শনিবাৰে পুৱা তেওঁ জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিল। এটা নিশাতেই সলনি হ’ল তেওঁৰ শৰীৰ ভংগী। শুকুৰবাৰে তেওঁৰ দেহত যি মেজাজ দেখা গৈছিল আজি সেই মেজাজ নাই। এক কথাত পুষ্পা চৰিত্ৰৰ পৰা এটা নিশাতেই বাহিৰলৈ আহিল আল্লু অৰ্জুন।
জে'লৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো। গোটেই ঘটনাক লৈ মই শোকাহত। দেশৰ আইনক সন্মান কৰো। কথা দিছো এই দুৰ্ঘটনাৰ তদন্তত সকলো সহযোগিতা কৰিম।
ইফালে আল্লু অৰ্জুনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে মৃতকৰ স্বামী ভাস্কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, গোচৰ উঠাই ল’বলৈ মই প্ৰস্তুত। মই আল্লু অৰ্জুন গ্ৰেপ্তাৰ হোৱাৰ খবৰ পোৱা নাছিলো। সেই দিনা পদপিষ্ট হৈ মোৰ পত্নী মৃত্যু হোৱাৰ ঘটনাৰ সৈতে তেওঁ জড়িত নহয়।
মন কৰিবলগীয়া যে, এক ভিডিঅ’ বাৰ্তাত আল্লু অৰ্জুনে পদপিষ্ট হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ বাবে শোক প্ৰকাশ কৰিছিল। ক্ষতিপূৰণ হিচাপে পৰিয়াললৈ ২৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।
তাৰোপৰি মৃত মহিলাগৰাকীৰ আহত পুত্ৰৰো চিকিৎসা কৰাৰ কথাও ঘোষণা কৰিছিল। এনে পৰিস্থিতিত এতিয়া আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লবলৈ লোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us