প্ৰসিদ্ধ সমাজকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ডঃ ১০ লাখ টকাৰ জৰিমণা...

দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাই ২৩ বছৰ পূৰ্বে ৰুজু কৰিছিল অপৰাধমূলক মানহানিৰ গোচৰ

author-image
Asomiya Pratidin
New Update
প্ৰসিদ্ধ সমাজকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ডঃ ১০ লাখ টকাৰ জৰিমণা...

প্ৰসিদ্ধ সমাজকৰ্মী মেধা পাটকাৰক ৫ মাহৰ কাৰাদণ্ডঃ ১০ লাখ টকাৰ জৰিমণা...

ডিজিটেল ডেস্কঃ নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী তথা প্ৰসিদ্ধ সমাজকৰ্মী মেধা পাটকাৰক দিল্লীৰ এখন আদালতে সোমবাৰে ২৩ বছৰীয়া এটা পুৰণি গোচৰত দোষী সাব্যস্ত কৰি ৫ মাহৰ কাৰাবাসৰ শাস্তি ঘোষণা কৰিছে। ২০০১ চনতে বৰ্তমানৰ দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ৰুজু কৰা এক অপৰাধমূলক মানহানি গোচৰত ন্যায়ালয়ে ৫ মাহৰ কাৰাবাসৰ লগতে ১০ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণৰো শাস্তি ঘোষণা কৰিছে।

Advertisment

সুদীৰ্ঘ এক বিচাৰ প্ৰক্ৰিয়াৰ মাজাৰে ২৩ বছৰৰ অন্তৰত সোমবাৰে মেট্ৰ’পলিটান মেজিষ্ট্ৰেট ৰাঘৱ শৰ্মাই মেধা পাটকাৰক ভি কে ছাক্সেনাৰ খ্যাতিৰ যি ক্ষতি কৰিলে তাৰ বাবে ১০ লাখ টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, ২০০০ চনত মেধা পাটকাৰ আৰু ভি কে ছাক্সেনাৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈছিল। অভিযোগ, প্ৰতি অভিযোগৰ মাজতে ভি কে ছাক্সেনাই দূৰদৰ্শনৰ এক অনুষ্ঠানত তেওঁৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ লগতে এটা প্ৰেছ বিবৃতিৰ উধৃতিৰে মেধা পাটকাৰৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে, যোৱা ২৪ মে’তে এই গোচৰত মেধা পাটকাৰক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০০ ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ লগতে এই সন্দৰ্ভত ক্ষতিপূৰণ কিমান হ’ব সেয়া দিল্লী আইনী সেৱা প্ৰাধিকৰণক নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছিল। সেই অনুসৰিয়েই ১ জুলাই, সোমবাৰে এই নিৰ্দেশ জাৰি কৰিছে আদালতে।

২০০১ চনত ছাক্সেনাই মেধা পাটকাৰৰ বিৰুদ্ধে ৰুজু কৰিছিল এই গোচৰ। সেই সময়ত তেও আহমেদাবাদত থকা স্বেচ্ছাসৱী সংস্থা নেচনেল কাউন্সিল ফৰ চিভিল লিবাৰ্টিজৰ নেতৃত্ব দিছিল। এই গোচৰৰ অন্তিম শুনানিৰ পূৰ্ববৰ্তি শুনানিত দুয়ো পক্ষৰ অধিবক্তাৰ মাজত আদালতত যথেষ্ট বিতৰ্ক হৈছিল।

অভিযোগকাৰী ছাক্সেনাৰ অধিবক্তাই মেধা পাটকাৰক কঠোৰতম শাস্তিৰ দাবী কৰিছিল। তেওঁলোকৰ যুক্তি আছিল মেধা পাটকাৰে প্ৰায়ে আইন অমান্য কৰি আহিছে। কেৱল সিমানেই নহয় মেধা পাটকাৰে কোন সময়ত, কি দৰে আইন অমান্য কৰি আহিছে সেই সন্দৰ্ভত বিতং তথ্যও দাখিল কৰে।

Also Read: ৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?

মেধা পাটকাৰ দিল্লী