পশ্চিমবংগত কাৰ সৈতে মিত্ৰতা কৰিব আপে? ক'লে...

পশ্চিম বংগতো আপে নিজৰ স্থিতি শক্তিশালী কৰাৰ চেষ্টা কৰি আছে।

author-image
Asomiya Pratidin
New Update
পশ্চিমবংগত কাৰ সৈতে মিত্ৰতা কৰিব আপে? ক'লে...

ডিজিটেল ডেস্ক: আম আদমী পাৰ্টিৰ পশ্চিম বংগৰ নেতা সঞ্জয় বসুৱে দেওবাৰে কয় যে আপে জনসাধাৰণৰ সঠিক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ অধিকাৰৰ বাবে যুঁজ দিব। দক্ষিণ কলকাতাৰ গাৰ্ফাত দলৰ ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ পাছত বসুৱে কয় যে আপে পশ্চিম বংগত কোনো দলৰ লগত মিত্ৰতা নকৰে।কিন্তু অহা এবছৰত নিজৰ স্থিতি অধিক মজবুট কৰিব।

তেওঁ কয় যে বৰ্তমানলৈ কোনো দলৰ লগত মিত্ৰতা কৰাৰ কথা চিন্তা কৰা নাই।  আমাৰ দলৰ বৰ্তমান সময়লৈকে ৰাজ্যৰ ২০ খন জিলাত ব্লক স্তৰীয় কাৰ্যলয় আছে।আমি নিজেই যুঁজিম আৰু ৰাজ্যক শক্তিশালী স্থান দখল কৰিম। মিত্ৰতাৰ ৰাজনীতিত আমি বিশ্বাস নকৰো।

নেতা গৰাকীয়ে লগতে কয় যে আপে বিজেপি মুক্ত ভাৰত গঢ়াৰ চেষ্টা কৰি আছে। উল্লেখ্য যে, পঞ্জাৱত জয় লাভ কৰাৰ পাছতেই আপে কেইবাখনো ৰাজ্যত আধিপত্য বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে।

west bengal aap