দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আঁতৰিল আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি...

অভিযোগ অনুসৰি, দিল্লীৰ ক্ষমতালৈ অহাৰ পাছতেই বিজেপিয়ে মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি আঁতৰাই পেলাইছে ৷ আতিশীয়ে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ।

author-image
Asomiya Pratidin
New Update
দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আঁতৰিল আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ এটা সপ্তাহৰ ভিতৰতে বিতৰ্কৰ সূত্ৰপাত কৰিলে ৰেখা গুপ্তাই। অভিযোগ অনুসৰি, দিল্লীৰ ক্ষমতালৈ অহাৰ পাছতেই বিজেপিয়ে মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি আঁতৰাই পেলাইছে৷ 

Advertisment

 

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আম্বেদকাৰ আৰু ভগত সিঙৰ ছবিৰ স্থানত এতিয়া আঁৰি দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মহাত্মা গান্ধী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ছবি। উল্লেখ্য যে, আম আদমী পাৰ্টি ক্ষমতাত থকা সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বি আৰ আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি আছিল।

 

আপৰ দুয়োজন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু আতিশিয়ে আম্বেদকাৰ আৰু ভগত সিঙৰ ছবি মুখ্যমন্ত্রীৰ কার্যালয়ত ৰাখিছিল৷ কিন্তু আপৰ অভিযোগ ৰেখা গুপ্তা ক্ষমতালৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দুয়োৰে ছবি আঁতৰাই দিয়া হৈছে।

 

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি আতিশীয়ে শেহতীয়াকৈ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয় যে, বিজেপিৰ দলিত বিৰোধী মানসিকতা সৰ্বজন পৰিচিত। এইবাৰ তাৰ প্ৰমাণ পোৱা গৈছে।

 

তেওঁ উল্লেখ কৰিছে, অৰবিন্দ কেজৰিৱালে দিল্লীৰ সকলো কাৰ্যালয়তে বাবাছাহেব আম্বেদকাৰ আৰু ছহিদ ভগত সিঙৰ ছবি লগোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পাছত মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা সেই ছবিবোৰ আঁতৰাই পেলালে৷ ইয়াৰ পৰাই বুজা যায় যে, বিজেপি শিখ বিৰোধী আৰু দলিত বিৰোধী দল।

 

কেজৰিৱালেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, "দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বাবাছাহেবৰ ছবি আঁতৰাই বিজেপিয়ে লাখ লাখ শিখৰ ধৰ্মীয় আৱেগক আঘাত কৰিছে।

 

অৱশ্যে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আম্বেদকাৰ আৰু ভগত সিঙক অপমান কৰা নাই বুলি স্পষ্টিকৰণ দিছে। তেওঁ কয়, বাবাছাহেব বা ছহিদ ভগত সিংক অপমান কৰা হোৱা নাছিল। দুয়োজনেই সন্মানীয় ব্যক্তি আৰু আমাৰ আদৰ্শ। চৰকাৰৰ মুৰব্বী হিচাপে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ছবিহে ৰখা হৈছে।

 

তাৰোপৰি তেওঁ অভিযোগ কৰিছে আতিশীয়ে ভুল তথ্য বিয়পাইছে। 

 

দিল্লী অৰবিন্দ কেজৰিৱাল আতিশী ৰেখা গুপ্তা