/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2dce8ed2-08a8-4ece-b1ec-66004edb360a/bjp_congress.jpg)
congress bjp
ডিজিটেল ডেস্ক: পঞ্জাৱত শাসনাধিষ্ঠ দল আম আদমী পাৰ্টিয়ে পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে কটাক্ষমূলক মন্তব্য কৰা দেখা যায়। অপৰেশ্যন ল'টাচৰ কথা উল্লেখ কৰি আপে বিজেপি আৰু কংগ্ৰেছে জনাদেশক অপমান কৰা বুলি মন্তব্য কৰে।
উল্লেখ্য যে, পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে বুধবাৰে আস্থা প্ৰস্তাৱ উত্থাপনৰ বাবে আহ্বান কৰা বিধানসভাৰ বিশেষ অধিৱেশন বাতিল কৰিছিল। তাৰ পাছতেই আপে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে ভগৱন্ত মান চৰকাৰৰ আস্থা প্ৰস্তাৱৰ বাবে আহ্বান কৰা বিধানসভা অধিৱেশন বাতিল কৰাৰ পিছত আপৰ টুইটাৰ একাউন্টত এক টুইট কৰে। টুইটত লিখে যে "দেশত সংবিধান আৰু আইনৰ শাসন আছে। চৰকাৰ জনতাৰ বহুমতৰ ফলত গঠন কৰা হয়। কিন্তু বিজেপি আৰু কংগ্ৰেছে মিলি পঞ্জাৱৰ মতক অপমান কৰিছে। কংগ্ৰেছে পঞ্জাৱত বিজেপিৰ অপৰেশ্যন লটাচৰ সমৰ্থন কৰি আছে। এই সত্যটো পঞ্জাৱ আৰু সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে।
देश में संविधान और क़ानून का शासन है।
सरकारें जनता के बहुमत से बनती व चलती हैं। लेकिन भाजपा और Congress साथ मिलकर Punjab के मत का अपमान कर रहे हैं।
बिकाऊ कांग्रेस पंजाब में BJP के #OperationLotus का समर्थन कर रही है। यह सच्चाई पंजाब और पूरे देश के सामने आ गई है। https://t.co/FJ7LIoEvEX— AAP Punjab (@AAPPunjab) September 22, 2022
উল্লেখ্য যে ভগৱন্ত মানৰ চৰকাৰে বৃহস্পতিবাৰে অপৰেশ্যন লটাচক লৈ পদযাত্ৰা কৰিব। এই পদযাত্ৰাত থাকিব দলৰ ৯২ গৰাকী বিধায়ক।