কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি দেশজুৰি আপে সাব্যস্ত কৰে প্ৰতিবাদ। এয়া বিজেপিৰ দাবী বুলি উল্লেখ কৰি আপে কয় যে, ইডি এক বিজেপিৰ অস্ত্র। ষড়যন্ত্র কৰি গ্রেপ্তাৰ কৰা হ’ল মুখ্যমন্ত্রীগৰাকীক।

Advertisment

আপৰ বিৰুদ্ধে বিজেপিৰ এয়া এক বৃহৎ‍ ষড়যন্ত্র বুলি উল্লেখ কৰি আপে কয় যে, কেজৰিৱালৰ নিৰ্বাচনী প্রচাৰ বন্ধ কৰিবলৈ এই ষড়যন্ত্র বিজেপিৰ।

আজি দেশৰ বিভিন্নস্থানৰ লগতে গুৱাহাটীতো আপে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বহু কেইগৰাকী প্ৰতিবাদকাৰীক। নতুন দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। তাৰপাছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। এই আবেদনৰ শুনানি বৰ্তমান ন্যায়ালয়ত হৈ আছে ।

Also Read: খহি পৰিল নিৰ্মাণৰত দলংঃ সোমাই পৰিল ৩০ জন শ্ৰমিক

aap arvind kejriwal