১৮ মাহৰ অন্তত মুকলি আকাশৰ তললৈ মনিষ ছিচোদিয়া...

দিল্লীৰ সুৰা নীতি কেলেংকাৰীত লাভ কৰিলে জামিন
১৮ মাহৰ অন্তত মুকলি আকাশৰ তললৈ মনিষ ছিচোদিয়া...
১৮ মাহৰ অন্তত মুকলি আকাশৰ তললৈ মনিষ ছিচোদিয়া...
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৮ মাহৰ অন্তত জামিন লাভ কৰিলে মনিষ ছিচোদিয়াই। শুকুৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ে আপ নেতাগৰাকীক জামিন প্ৰদান কৰি ক'লে দিনৰ পিছত দিন ধৰি তেওঁক কাৰাগাৰত বন্দী কৰি ৰখাটো নৈতিক অধিকাৰৰ বিৰোধী।

চি বি আইয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক আজি জামিন প্ৰদান কৰিলেও অৱশ্যে উচ্চতম ন্যায়ালয়ে এক চৰ্ত আৰোপ কৰিছে। সেই অনুসৰি ন্যায়ালয়ত তেওঁ জমা দিব লাগিব পাছপোৰ্ট।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ অভিযোগত ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল ছিচোদিয়া। তাৰ পাছত তেওঁ একাধিকবাৰ তেওঁৰ জামিন আবেদন কৰিছিল যদিও জামিন আবেদন খাৰিজ কৰিছিল আদালতে।

এই একেটা গোচৰতে চি বি আইৰ পাছত ইডিয়েও গ্ৰেপ্তাৰ কৰিছিল ছিচোদিয়াক। ইডিৰ হাতলৈ ছিচোদিয়া যোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন নাকচ কৰিছিল।

উচ্চতম ন্যায়ালয়ে ছিচোদিয়াৰ জামিন আবেদন নাকচ কৰি কৈছিল- দিল্লীত সংঘটিত হোৱা ৩৩৮ কোটি টকীয়া সুৰা নীতি কেলংকাৰীৰ অভিযোগত অভিযুক্ত মনিষ ছিচোদিয়াৰ অভিযোগ আংশিকভাৱে প্ৰমাণ হৈছে। সেয়ে তেওঁৰ জামিন আবেদন খাৰিজ কৰা হৈছে।

ইফালে যোৱা অক্টোবৰ মাহতেই উচ্চতম ন্যায়ালয়ে কৈছিল অহা ছয়ৰ পৰা আঠ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া শেষ কৰিব লাগিব। যদিহে ধীৰ গতিৰে বিচাৰ প্ৰক্ৰিয়া আগবাঢ়ে তেন্তে পুনৰ জামিন আবেদন দাখিল কৰিব পাৰিব আপ নেতাগৰাকীয়ে।

সেই অনুসৰিয়েই শুকুৰবাৰে জামিন লাভ কৰিছে মনিষ ছিচোদিয়াই। উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশ বি আৰ গভাই আৰু কেভি বিশ্বনাথনে জামিন প্ৰদান কৰি কয়, আপ নেতাগৰাকীৰ দ্ৰুত বিচাৰ কৰাৰ কথা আছিল।এতিয়া যদি আকৌ ট্ৰেয়েল ক'ৰ্টলৈ প্ৰেৰণ কৰা হয় তেন্তে সেয়া হ'ব ন্যায়ৰ পৰিপন্থী।

মনিষ ছিচোদিয়াৰ দীৰ্ঘদিনীয়া বন্দীত্বৰ অৱসান ঘটাত এতিয়া আপ নেতা-কৰ্মীৰ মাজত সন্তুষ্টি দেখা পোৱা গৈছে। তেওঁলোকে মিঠাই বিতৰণ কৰাও পৰিলক্ষিত হৈছে। দলটোৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে কয়, এয়া কেন্দ্ৰীয় চৈৰাচাৰী চৰকাৰক এক যোগ্য উত্তৰ। দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী থকাৰ পাছত তেওঁ মুক্তি লাভ কৰিছে। এইদৰেই অৰবিন্দ কেজৰিৱালেও মুক্তি লাভ কৰিব।

১৮ মাহৰ অন্তত মুকলি আকাশৰ তললৈ মনিষ ছিচোদিয়া...
বাংলাদেশৰ কাৰাগাৰত বন্দী আলফা নেতা প্ৰদীপ ৰায়ক স্বদেশলৈ ঘূৰাই অনাৰ কাতৰ আহ্বান পৰিয়ালৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in