ডিজিটেল ডেস্কঃ শনিবাৰে বিয়লি ৪-৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে আতিশীয়ে। দিল্লীৰ লেফটেনেণ্ট গভৰ্নৰ ভিকে ছাক্সেনাৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ এই শপতগ্ৰহণ অনুষ্ঠান।
আতিশীৰ লগতে আজি তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে দলটোৰ আন পাঁচগৰাকী বিধায়কে। তেওঁলোক ক্ৰমে সৌৰভ ভৰদ্বাজ, গোপাল ঝা, কৈলাশ গেহলট, মুকেশ আহলাৱট আৰু ইমাৰন হুছেইন।
এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অৰবিন্দ কেজৰিৱালো। আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে আতিশী হৈ পৰিল দেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী।
দিল্লীত আতিশীৰ পূৰ্বে দুগৰাকী মহিলাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। বিজেপিৰ প্ৰয়াত সুষমা স্বৰাজ আৰু কংগ্ৰেছৰ প্ৰয়াত শীলা দীক্ষিত। অৱশ্যে আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ যথেষ্ট সময় নাপাব। অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পিছত পুনৰ ঘূৰি আহিব অৰবিন্দ কেজৰিৱাল।
উল্লেখ্য যে, যোৱা মঙ্গলবাৰেই অৰবিন্দ কেজৰিৱালে তেওঁৰ পদত্যাগ পত্ৰ তুলি দিছিল ভিকে ছাক্সেনাৰ হাতত। একে সময়তে আতিশীয়ে চৰকাৰ গঠনৰ দাবী জনাইছিল। তাৰ পূৰ্বে আপৰ বিধায়িনী দলৰ বৈঠকত অৰবিন্দ কেজৰিৱাল আৰু মনিষ চিছোদিয়াৰ প্ৰস্তাৱত সৰ্বসন্মতিক্ৰমে আতিশী বিধায়িনী দলৰ নেত্ৰী নিৰ্বাচিত হৈছিল।