গৱেষকৰ সংজ্ঞা কি?

গৱেষকৰ সংজ্ঞা কি?

ডিজিটেল ডেস্কঃ দিল্লীত দেশৰ প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা আৰু ডিগ্ৰীক লৈ মুখ্যমন্ত্ৰী কেজৰিৱাল সমন্বিতে পঞ্জাৱ আৰু দিল্লীৰ আম আদমী পাৰ্টী চৰকাৰৰ মুৰব্বী সকলে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰি আহিছে। কেৱল প্ৰশ্ন উত্থাপন কৰায়েই নহয়, এসময়ত শিক্ষাজীৱন বিদ্যালয়তে শেষ কৰা বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজে ঘোষণা কৰাৰ কথা সোঁৱৰাই পৰৱৰ্তী সময়ত নিৰ্বাচনী শপতনামাত ভুৱা ডিগ্ৰীৰ প্ৰমাণ পত্ৰ দাখিল কৰা বুলি অভিযোগ কৰা হৈছে।

এই অভিযোগৰ ভিত্তিতেই প্ৰধানমন্ত্ৰীৰ পদ পৰ্যন্ত খাৰিজ কৰা উচিত বুলি নিৰ্বাচন আয়োগক সোঁৱৰাই দলটোৱে দেশজুৰি আন্দোলন আৰম্ভ কৰিছে। এনে বিতৰ্কই দেশৰ ৰাজনীতি গৰম কৰি থকাৰ মাজতে তিনিটা দশকৰ শ্ৰম আৰু একাগ্ৰতাৰে প্ৰতিষ্ঠিত হোৱা গুৱাহাটীৰ এগৰাকী বাতৰি কাকত বিক্ৰেতালৈ ইউৰো এছিয়ান ইউনিভাৰ্চিটি( নবী মুম্বাই) নামৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৱে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

স্কুলীয়া শিক্ষাৰ অষ্টম-নৱম শ্ৰেণীলৈ পঢ়াৰ সময়তে দিছপুৰৰ দাঁতিতে এম.পি বুক ষ্টল নামৰ বাতৰি কাকত বিতৰণৰ এখন সৰু দোকানেৰে আৰম্ভ হৈছিল পৱন আলী শইকীয়াৰ কন্টকাকীৰ্ণ জীৱন যাত্ৰা। আৰ্থিকভাৱে সৱল নহ'লেও কৰ্তব্যনিষ্ঠা আৰু মানসিক সবলতাই সেই দোকানখনৰ পৰা ঢাপে ঢাপে আগুৱাই যোৱাৰ ক্ষেত্ৰত ভাবিব নোৱাৰাকৈ সহায় কৰিছিল ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীক।

সম্ভৱত আলোচনী আৰু বাতৰি কাকতৰ সৈতে জড়িত হোৱাৰ বাবেই তেওঁৰ অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ। ইফালে ১০ বছৰ মানৰ ভিতৰতে গুৱাহাটী মহানগৰীত সৰ্ববৃহৎ বাতৰি কাকত বিতৰণগোষ্ঠী ৰূপে প্ৰতিষ্ঠিত হয় পৱন আলী শইকীয়াৰ মালিকাধীন এম.পি বুক ষ্টল।

গুৱাহাটী মহানগৰীৰ সমগ্ৰ ৰাজধানী এলেকাত ডেৰশৰো অধিক হকাৰ আৰু ৫০ ৰো অধিক চাব এজেন্টে এম.পি বুক ষ্টলৰ ব্যৱসায় আগবঢ়াই নিয়াত সহায় কৰে। ইয়াৰ বিপৰীতে তেওঁলোকক পৰোক্ষভাৱে এই ব্যক্তি আৰু প্ৰতিষ্ঠান সমূহক স্ব নিয়োজনৰ সুযোগো প্ৰদান কৰে এম.পি বুক ষ্টলে। ইয়াৰ জৰিয়তে এটা সময়ত ২০ ৰ পৰা ৫০ হাজাৰ কপি পৰ্যন্ত বিভিন্ন দৈনিক বাতৰি কাকত বিক্ৰী কৰাৰ লগতে অন্যান্য অসমীয়া, ইংৰাজী,হিন্দী আলোচনী আৰু ছাত্ৰ-ছাত্ৰীৰ সা-সামগ্ৰী বিক্ৰীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

নিজৰ ভাতৃ, পত্নী আৰু আস্থাবান একাংশ আত্মীয় বন্ধু-বান্ধৱৰ সহযোগত কেৱল কাকত বিতৰণৰ ব্যৱসায়তে ব্যস্ত নাথাকি ২০১০ চনত তেওঁ মেদা আলী শইকীয়া এডুকেশ্যন ফাউণ্ডশ্যন নামৰ এক ন্যাস গঠন কৰে। এই ন্যাসৰ অধীনত পৰ্যায়ক্ৰমে মহানগৰীৰ হাতীগাঁও, হাজোৰ ওচৰৰ শিঙিমাৰীয় আৰু বিজয় নগৰৰ পৰা ৪-৫ কিলোমিটাৰ ভিতৰুৱা এলেকাত ৩ খনকৈ বিদ্যালয় স্থাপন কৰি ২ সহস্ৰাধিক দৰিদ্ৰ শিক্ষাৰ্থীক শিক্ষাদানৰ সেৱাতো বৰ্তি হয় পৱন আলী শইকীয়া।

ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ আৰু দলিত শ্ৰেণীৰ সতি সন্তানৰ আৰ্থিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে বিগত ৩ দশক কাল ব্য়ৱসায়ৰ সমান্তৰালভাৱে কাম কৰি যোৱা এই পৱন আলী শইকীয়াৰ ওপৰত এইবাৰ দৃষ্টি পৰে নবী মুম্বাইস্থিত আন্তৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানটোৰ। সেয়েহে বিগত ৬ মাহৰো অধিককাল পৱন আলী শইকীয়াৰ ব্যৱসায় আৰু সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ মূল্যায়নৰ লগতে কৰ্ম দক্ষতা আৰু বৌদ্ধিক সমৃদ্ধ সন্দৰ্ভতো তেওঁলোকে অনুসন্ধান আৰম্ভ কৰে।

অৱশেষত তেওঁ আনুষ্ঠানিকভাৱে শিক্ষানুষ্ঠানখনে এই কথা জানিবলৈ দিয়ে যে সমাজৰ প্ৰতি ৩ দশকৰ সেৱা আৰু বৌদ্ধিক বিদ্যায়তনিক ক্ষেত্ৰখনৰ সৈতে নিৰন্তৰ জড়িত হৈ থকা ব্যক্তি গৰাকীক সাধাৰণ শিক্ষাৰ মাপকাঠীৰে জুখিব পৰা নাযায়। ইয়াৰ বিপৰীতে তেওঁৰ কৰ্মপদ্ধতি আৰু প্ৰণালী নিৰন্তৰ গৱেষণাত লিপ্ত এজন উচ্চ শিক্ষিত গৱেষকতকৈ কম নহয় বুলিও শিক্ষানুষ্ঠান খনে মূল্যায়ন কৰাৰ কথা অৱগত কৰে।

ইয়াৰ ভিত্তিতে আনুষ্ঠানিক শিক্ষা নিচেই ক'ম হ'লেও ৩ দশকৰ বিৰামহীন শ্ৰম, অভিজ্ঞতা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে শিক্ষানুষ্ঠান খনে এসপ্তাহ পূৰ্বে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ কথা জানিবলৈ দিয়ে। সেই মৰ্মে যোৱা ৮ এপ্ৰিলত নবী মুম্বাইস্থিত বিশ্ববিদ্যালয়খনৰ কাৰ্যালয় সংলগ্ন প্ৰেক্ষাগৃহত আয়োজিত এক সমাৱৰ্তনত তেওঁক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়।

শিক্ষা প্ৰতিষ্ঠানটোৱে ৮ এপ্ৰিলত কেৱল পৱন আলী শইকীয়াকে নহয়, আনুষ্ঠানিক গৱেষণা সমাপ্ত কৰা ভালেকেইগৰাকী নিয়মীয়া শিক্ষাৰ্থীৰ লগতে বিশ্ব বিভিন্ন প্ৰান্তৰ ভালে কেইগৰাকী লোকক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা অনুষ্ঠানত বিশ্ব বিদ্যালয়ৰ প্ৰাচাৰ্য প্ৰমুখ্যে অন্যান্য সকলো উপস্থিত আছিল।

ইফালে তেওঁৰ এই সফলতাত কেৱল পত্নী পৰিয়ালে নহয়, ৰাজ্যৰ বাতৰি কাকত বিতৰক, হকাৰ আৰু শ্ৰমৰ মূল্য নাপাই নীৰৱে চকু টুকা সকলেও আনন্দ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে নিষ্ঠা একাগ্ৰতা আৰু সততা থাকিলে সফলতা কোন বাটেৰে আহে কোনোৱে ক'ব নোৱাৰে।

গৱেষকৰ সংজ্ঞা কি?
''বেজীৰ আগটোৰ সমান ভূমিও কোনোৱে কাঢ়ি ল'ব নোৱাৰে'' সীমান্তৰ পৰা চীনক সকিয়নি শ্বাহৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in