Advertisment

অস্থিৰ পঞ্জাৱৰ ৰাজনীতিঃ দিল্লীত সম্পন্ন বৈঠক, ভগৱন্ত মানে ক'লে- ''দল সলনি কৰা কংগ্ৰেছৰহে নীতি''

''পঞ্জাৱৰ আপ চৰকাৰত কোনো সংকট নাই।''- অৰবিন্দ কেজৰিৱালসহ আপৰ শীৰ্ষ নেতাৰ উপস্থিতিত দিল্লীত অনুষ্ঠিত হোৱা পঞ্জাৱৰ আপৰ বিধায়কসকলৰ বৈঠকৰ পাছত এইদৰে মন্তব্য ভগৱন্ত মানৰ।

author-image
Asomiya Pratidin
New Update
অস্থিৰ পঞ্জাৱৰ ৰাজনীতিঃ দিল্লীত সম্পন্ন বৈঠক, ভগৱন্ত মানে ক'লে- ''দল সলনি কৰা কংগ্ৰেছৰহে নীতি''

ডিজিটেল ডেস্কঃ ''পঞ্জাৱৰ আপ চৰকাৰত কোনো সংকট নাই।''- অৰবিন্দ কেজৰিৱালসহ আপৰ শীৰ্ষ নেতাৰ উপস্থিতিত দিল্লীত অনুষ্ঠিত হোৱা পঞ্জাৱৰ আপৰ বিধায়কসকলৰ বৈঠকৰ পাছত এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয়, দল সলনি কৰাটো কংগ্ৰেছৰ সংস্কৃতি। আম আদমি পাৰ্টিৰ সংস্কৃতি নহয়।

Advertisment

 

উল্লেখ্য যে, দিল্লীত আপৰ পৰাজয়ৰ পাছতে পঞ্জাৱৰ আপৰ চৰকাৰলৈকো বিপদ নামি আহিছে। দলটোৰ বহু কেইজন বিধায়ক আছে কংগ্ৰেছৰ সংস্পৰ্শত। এই বিধায়কসকলে শীঘ্ৰেই আপ এৰি কংগ্ৰেছত যোগদান কৰিব বুলিও খবৰ প্ৰকাশ পাইছিল।

 

ৰাজ্যখনৰ বিৰোধী কংগ্ৰেছৰ নেতা প্ৰতাপ সিঙ বাজৱাৰে দাবী কৰিছিল আপৰ ৩০ জনকৈ বিধায়কে তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিছে। পঞ্জাৱৰ ৰাজনীতিক গৰম কৰি এনে এক অস্থিৰ পৰিস্থিতিৰ সূচনা হোৱাত আপৰ বিধায়কসকলক দিল্লীলৈ তলব কৰে অৰবিন্দ কেজৰিৱালে।

 

ৰাজ্যখনৰ মুঠ ৯৩ গৰাকী আপৰ বিধায়কৰ ভিতৰত ৯১ গৰাকীয়েই আজিৰ বৈঠকত উপস্থিত থাকে। উল্লেখ্য যে, ১১৭ সদস্যৰ পঞ্জাৱ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ৫৯। বৰ্তমান এখন আসন খালী থাকিলেও সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ৫৯ গৰাকী সদস্যৰেই প্ৰয়োজন। আপৰ মুখ্যমন্ত্ৰী ভগৱত মানৰ সৈতে দলটোৰ মুঠ বিধায়ক ৯৩ জন। কংগ্ৰেছৰ বিধায়ক আছে ১৬ জন।

 

তাৰোপৰি শিৰোমণি আকালি দলৰ বিধায়ক আছে ৩ জন, বিজেপিৰ বিধায়ক আছে ২ জন আৰু এজনকৈ আছে বি এছ পি আৰু নিৰ্দলীয় বিধায়ক। সেয়ে প্ৰতাপ সিঙ বাজৱাৰে ৩০ গৰাকী আপৰ বিধায়কৰ সমৰ্থন লাভ কৰিলেও পঞ্জাৱ বিধানসভাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পৰাৰ সম্ভাৱনা নাই।

 

কিন্তু তাৰ মাজতো আছে আন এক অংক। দিল্লী বিধানসভাৰ ভোটগ্ৰহণৰ এটা সপ্তাহৰ পূৰ্বে ৰহস্যজনকভাৱে এখন বাহনত নগদ ৮ লাখ টকাসহ সুৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। তাৰোপৰি সেই বাহখনত উদ্ধাৰি কৰিছিল আপৰ প্ৰচাৰ পত্ৰ।

 

এই বাহনখন জব্দ কৰা হৈছিল পঞ্জাৱ ভৱনৰ কাষৰ পৰা। বাহনখনৰ পঞ্জীয়ন আছিল পঞ্জাৱত। সেই সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱগত মানে এই বিষয়টোৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ দাবী কৰিছিল তেওঁলোকৰ চৰকাৰ ভাঙিবলৈ বিজেপিয়ে চক্ৰান্ত অব্যাহত ৰাখিছে।

 

ভগৱত মানৰ এই দাবীৰ পাছতেই পঞ্জাৱৰ ৰাজনীতি লাহে লাহে অস্থিৰ হৈ আহিছে। দিল্লীত আপৰ চৰকাৰ পতনৰ পাছত অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ ভগৱত মানৰ ভৱিষ্যৎ লৈয়ো নানান জল্পনা-কল্পনা চলিছে। চৰ্চা অনুসৰি আকৌ ভগৱত মানে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত মহাৰাষ্ট্ৰৰ একনাথ সিন্দেক অনুসৰণ কৰাৰ সম্ভাৱনা আছে।

 

তেওঁ সমৰ্থিত বিধায়কসহ এন ডি এত চামিল হোৱাৰো পৰিকল্পনা চলাইছে। সেয়ে এনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালে দিল্লীত আজি জৰুৰীভাৱে আহ্বান কৰে এই বৈঠক। বৈঠকত ৯১ জন বিধায়কেই উপস্থিত থাকি তেওঁলোকে দল পৰিবৰ্তনৰ কোনো পৰিকল্পনা নাই বুলি কেজৰিৱালক আশ্বস্ত কৰিছে।

 

অৱশ্যে পঞ্জাৱৰ ৰাজনীতিয়ে কোনফালে গতি কৰে সেয়া এই বৈঠকতে যে স্পষ্ট হৈছে তেনে নহয়। ৰাজ্যখনৰ ৰাজনৈতিক পট পৰিবৰ্তন হোৱাৰ সম্ভাৱনা বা আপ চৰকাৰৰ স্থিৰতা সন্দৰ্ভত সঠিক অনুমান কৰিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হব।

 

অৰবিন্দ কেজৰিৱাল আপ পঞ্জাৱ ভগৱন্ত মান