ভয়ংকৰ দুৰ্ঘটনা, একেলগে ১২ খন গাড়ীৰ খুন্দা-খুন্দি...

ভয়ংকৰ পথ দুৰ্ঘটনা । মুম্বাই-পুনে এক্সপ্ৰেছৱেত এখন ট্ৰাকৰ ব্ৰেক বিফল হোৱাৰ পিছত পতিত হৈছে দুৰ্ঘটনাত । বৃহস্পতিবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত ১২ খনকৈ গাড়ীক খুন্দা মাৰে । এই গটনাৰ পিছতেই উপৰা-উপৰিকৈ ববহুকেইখন বাহনৰ মাজত সংঘৰ্ষ
ভয়ংকৰ দুৰ্ঘটনা, একেলগে ১২ খন গাড়ীৰ খুন্দা-খুন্দি...

ডিজিটেল ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনা । মুম্বাই-পুনে এক্সপ্ৰেছৱেত এখন ট্ৰাকৰ ব্ৰেক বিফল হোৱাৰ পিছত সংঘটিত হৈছে দুৰ্ঘটনা । বৃহস্পতিবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত ১২ খনকৈ গাড়ীক খুন্দা মাৰে এখন ট্ৰাকে । এই ঘটনাৰ পিছতেই উপৰা-উপৰিকৈ বহুকেইখন বাহনৰ মাজত সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত চাৰিজনকৈ লোক আহত হৈছে । আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ খোপলিত । ট্ৰাকখনৰ ব্ৰেক বিকল হৈ পৰাৰ পিছতেই এখন গাড়ীয়ে আন এখনক খুন্দা মাৰে । এই ঘটনাৰ পিছতেই বহু কেইখন বাহন ক্ষতিগ্ৰস্থ হোৱাৰ উপৰিও ধ্বংস হৈছে ।

এই ঘটনাৰ পিছতেই দুৰ্ঘটনাস্থলীত তীব্ৰ যান-যঁটৰ সৃষ্টি হ’য় । যদিওবা এখন গাড়ী আন এখন গাড়ীত ভয়ংকৰ ভাবে উপৰা-উপৰিকৈ উঠাৰ দৃশ্য সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে, সৌভাগ্যক্ৰমে দুৰ্ঘটনাগ্ৰস্থ বাহনকেইখনৰ প্ৰতিগৰাকী লোকৰেই প্ৰাণ ৰক্ষা পৰিছে ।

ভয়ংকৰ দুৰ্ঘটনা, একেলগে ১২ খন গাড়ীৰ খুন্দা-খুন্দি...
পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in