/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5b0da8b4-f441-4e37-b190-9084c279f599/AP_FOR_WEB__1.jpg)
ডিজিটেল ডেস্ক : এজন উইং কামাণ্ডাৰ তথা প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাপে মহাকাশলৈ যাত্ৰা কৰিছিল ৰাকেশ শৰ্মাই। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তত্বাৱধানত তেওঁ ১৯৮৪ চনৰ ৩ এপ্ৰিলত মহাকাশলৈ যাত্ৰা কৰি ভাৰতৰ প্ৰথম মহাকাশচাৰী হোৱাৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
ছুইজ টি -১১ নামৰ ৰকেটত ছোভিয়েটৰ আন দুগৰাকী মহাকাশচাৰী মালিশেভ আৰু ষ্ট্ৰেকালভৰে তেওঁ এই যাত্ৰা সম্পন্ন কৰিছিল। ইয়াৰোপৰি তেওঁ ৭ দিন ২১ ঘণ্টা আৰু ৪০ মিনিট সময় মহাকাশত কটাই বিশ্বৰ প্ৰেক্ষাপটত ভাৰতক গৌৰৱন্বিত কৰি তুলিছিল। মহাকাশত থকাৰ সময়ছোৱাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱাৰ উপৰিও মহাকাশৰ পৰা ভাৰতৰ ফটো তুলি ইছৰ'লৈ পঠিয়াইছিল।
এই যাত্ৰা সুকলমে সম্পন্ন কৰি যেতিয়া ভাৰতত পদাৰ্পণ কৰিছিল তেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰে ৰাকেশ শৰ্মাৰ এক সাক্ষাতকাৰৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰে হোৱা সাক্ষাতকাৰত ভাৰত সন্দৰ্ভত তেওঁ গৌৰৱেৰে কৈছিল 'সাৰে যাহা চে আচ্চা'।
মহাকাশ যাত্ৰা সামৰি উভতি অহাৰ পিচত তেওঁক চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ভালেসংখ্যক সন্মানেৰে সন্মানিত কৰিছিল। এইবোৰ সন্মানৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে তেওঁ লাভ কৰিছিল "হিৰ' অৱ দা ছোভিয়েট ইউনিয়ন" বঁটা। ইয়াৰোপৰি ভাৰত চৰকাৰে ১৯৮৫ চনত আগবঢ়াইছিল সামৰিক সন্মান "অশোক চক্ৰ" । অৱশ্যে ছোভিয়েটৰ দুয়োগৰাকী মহাকাশৰীলৈয়ো ভাৰত চৰকাৰে উক্ত সন্মান প্ৰদান কৰিছিল।
পাঞ্জাৱী হিন্দু তথা ব্ৰাহ্মণ পৰিয়ালত ১৯৪৯ চনৰ ১৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰাকেশ শৰ্মাৰ বৰ্তমান বয়স ৭৪ বছৰ। প্ৰচাৰ বিমুখ জীৱন-যাপন কৰা ৰাকেশ শৰ্মাৰ আছে পত্নী,পুত্ৰ-কন্যাৰে ভৰা এখন সুখৰ সংসাৰ। মহাকাশ তথা উইং কামাণ্ডোৰ উপৰিও তেওঁ অনুৰাধা নামেৰে এখন চিনেমাতো অভিনয় কৰিছিল। প্ৰচাৰ তেওঁ বেয়া পাই, সেয়ে সামাজিক মাধ্যম,সংবাদ মাধ্যম আদিৰ পৰা তেওঁ দূৰত থাকে। তেওঁ কৰি থকা কামৰ খতিয়ান দাঙি ধৰাটো পচণ্ড নকৰে। এক কথাত 'কৰ্মই ধৰ্ম'ত বিশ্বাসী ৰাকেশ শৰ্মা।
বৰ্ণিল জীৱনৰ অধিকাৰী এইগৰাকী মহান ব্যক্তিয়ে নিজক বৰ্তমান মহাকাশ বিজ্ঞানৰ লগতে ব্যস্ত ৰাখিছে। ইছৰ'ৰ উপদেষ্টা পৰিষদৰ তেওঁ এগৰাকী বিষয়-ববীয়া। যোৱা ১৪ জুলাইত ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ অভিযানক তেওঁ উচ্চ প্ৰসংশা কৰে। এই অভিযানতো তেওঁৰ আছে অন্যতম ভূমিকা।