প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যানবাহন আইন ভংগৰ অভিযোগ দাখিল...

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যানবাহন আইন ভংগৰ অভিযোগ দাখিল...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যানবাহন আইন ভংগৰ অভিযোগ দাখিল...

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যানবাহন আইন ভংগৰ অভিযোগ দাখিল...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।প্ৰধানমন্ত্ৰীগৰাকীয়ে যানবাহন আইন অমান্য কৰাৰ অভিযোগত আৰক্ষী সঞ্চালক প্ৰধান আৰু মটৰ পৰিবহন বিভাগত অভিযোগ দাখিল কৰিছে এজন ব্যক্তিয়ে। কেৰালাৰ এজন ব্যক্তিয়ে দাখিল কৰা এই অভিযোগে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।

Advertisment

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কেৰাললৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীৰ উপৰিও কোচি আৰু তিৰুৱন্তমপুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। এই ৰোড শ্ব’ৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁ ভ্ৰমণ কৰা বাহনখনৰ দুৱাৰত ওলমি ৰাইজলৈ হাত জোকাৰিছিল।

তেওঁৰ এই কাৰ্যই যান-বাহন আইন উলংঘন কৰিছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীৰ বাহনলৈ ৰাইজে চতিয়াইছিল ফুল। ফলত চালকৰো অসুবিধা হৈছিল বুলি অভিযোগ দাখিল কৰিছে এই ব্যক্তিজনে।

কেৰালাৰ জয়কৃষ্ণন নামৰ এই ব্যক্তিজনে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে আইন অমান্য কৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি কয়, সৰ্বস্তৰৰ লোকে আইন মানি চলিব লাগ। যোৱা ২৬ এপ্ৰিলত দাখিল কৰা হৈছিল অভিযোগ।

Also Read: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ ধৰ্ষণৰ অভিযোগ...

নৰেন্দ্ৰ মোডী