"মাত্ৰ ১২ মিনিটত সংসদত ৫০ লাখ কোটিৰ বাজেট গৃহিত "

শেহতীয়া সংসদৰ বাজেট অধিৱেশনত ১২ মিনিটত ৫০ লাখ কোটিৰ বাজেট গৃহিত হৈছে সংসদত । এইলৈ প্ৰধান বিৰোধী দল কংগ্ৰেছে এখনি সংবাদমেলৰ সম্বোধন কৰে

author-image
Asomiya Pratidin
New Update
"মাত্ৰ ১২ মিনিটত সংসদত ৫০ লাখ কোটিৰ বাজেট গৃহিত "

congress pressmeet

ডিজিটল ডেস্কঃ শেহতীয়া বাজেট অধিৱেশনত ১২ মিনিটত ৫০ লাখ কোটিৰ বাজেট গৃহিত হৈছে সংসদত । এইলৈ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এখনি সংবাদমেলৰ সম্বোধন কৰে ।

Advertisment

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সভাপতি মল্লিকা অৰ্জুন খৰ্গেই কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে গণতন্ত্ৰৰ বিষয়ে বহুত কথা কয় । কিন্তু এইবোৰ কাম কাৰ্যত একো নকৰে । লগতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, "যদি এইটো অব্যাহত থাকে, গণতন্ত্ৰ সমাপ্ত হ'ব আৰু আমি একনায়কত্বৰ দিশে আগবাঢ়িম"।

লগতে সভাপতিগৰাকীয়ে কয় যে, চৰকাৰে সংসদত আদানি কোনোধৰণৰ উত্তৰ দিয়া নাছিল । তাৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে ইউকেত কৰা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ক্ষমা খুজিবলৈ কৈছিল । উল্লেখ্য যে বিৰোধীয়ে আদানি গোচৰত জেপিচি তদন্তৰ দাবী কৰিছিল বিৰোধী দলসমূহে ।

Also Read: দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উদুলি-মুদুলি পৰিবেশ...