দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উদুলি-মুদুলি পৰিবেশ...

৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰে বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ পালনাম

author-image
Asomiya Pratidin
New Update
দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উদুলি-মুদুলি পৰিবেশ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা সকামী সেৱা হৈছে পালনাম। ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত পালনাম সেৱা অনুষ্ঠিত হয়।

Advertisment

১৬৫৬ খৃষ্টাব্দত কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা ফাল্গু পূৰ্নিমাৰ পাছৰ পূৰ্নিমা অৰ্থাৎ চতৰ পূৰ্ণিমা তিথিত শলগুৰি সত্রই নিৰবিচ্ছিন্ন ভাৱে পাতি অহিছে এই পালনাম।

পালনাম উপলক্ষে বৃহস্পতিবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত। কীৰ্ত্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসঙ্গ, নামপ্ৰসংগৰে মুখৰিত হৈ পৰিছে।

Also Read: ভাস্কৰ্য্য শিল্পীৰ ইচ্ছা, পূৰণ কৰিবলৈ সুবিধা দিব নে ৰাষ্ট্ৰপতিয়ে...

Batadrawa satra