মনিষ চিছোদিয়াক ৯ ঘন্টা ধৰি জেৰা, আপ এৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ...

দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াক চিবিআইয়ে সোমবাৰে জেৰা কৰে।

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

manish sisodia

ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াক চিবিআইয়ে সোমবাৰে জেৰা কৰে। আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ৯ ঘণ্টা ধৰি সোধা-পোছা কৰে চিছোদিয়াক। জেৰা শেষ হোৱাৰ পাছতই চিছোদিয়াই কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ ভুৱা।

Advertisment

ইয়াৰ পাছতেই মঙলবাৰে গুজৰাট ভ্ৰমণৰ বাবে যাব চিছোদিয়া। তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব গুজৰাটত। এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

অন্যহাতে চিবিআইয়ে মনীষ চিছোদিয়াই উত্থাপন কৰা অভিযোগ সমূহ অস্বীকাৰ কৰিছে। চিবিআইয়ে কয় যে উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আইনৰ অধীনত থাকি সোধা-পোছা কৰা হৈছিল। চিছোদিয়াৰ সকলো কথা নিশ্চিত কৰা হ'ব আৰু পৰৱৰ্তী তদন্ত কৰা হ'ব।

চিছোদিয়াই কয় যে, "মোক আপ এৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। মই কৈছিলো যে ৰিক্সা চালকৰ সন্তানে ভাল শিক্ষা পালে মই সুখী অনুভৱ কৰোঁ। এই গোটেই ঘটনাটো ভুৱা। মই অপাৰেচন লোটাছৰ চাপৰ সন্মুখীন নহও।"

চিছোদিয়াই কয়, "যেতিয়া এগৰাকী কাম কৰা মানুহৰ ছোৱালী দিল্লীত চিকিৎসক হয়, মই সুখী অনুভৱ কৰোঁ যে মোৰ জীৱন শিক্ষাৰ বাবে সমৰ্পিত। এক কোটি টকাৰ কোনো কেলেংকাৰী হোৱা নাছিল। আৰু মই কেতিয়াও বিজেপিৰ অপৰেশ্যন লোটাচৰ হেঁচাত নপৰো।''

উল্লেখ্য যে, আজি জেৰা চলোৱা হৈছিল মনিষ চিছোদিয়াক। তেওঁ চিবিআইৰ কাৰ্যলয়লৈ যোৱাৰ সময়ত ৰেলী কৰি যায়।

manish sisodia delhi