সন্ত্ৰাসবাদীক ৮৫ কোটি টকাৰ যোগানঃ কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰত তালাচী...

সন্ত্ৰাসবাদীক ৮৫ কোটি টকাৰ যোগানঃ কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰত তালাচী...

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদীক ৮৫ কোটি টকাৰ যোগানঃ কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰত তালাচী...

সন্ত্ৰাসবাদীক ৮৫ কোটি টকাৰ যোগানঃ কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰত তালাচী...

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক আৰ্থিক সাহায্য দিয়া এক চক্ৰৰ সন্ধান লাভ কৰিছে কেন্দ্ৰিয় শাসিত অঞ্চলসমূহৰ তদন্তকাৰী সংস্থা ষ্টেট ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ এছ আই এয়ে। এছ আই এৰ হাতত পৰা তথ্য অনুসৰি এই চক্ৰটোৱে ৮৫ কোটি টকা সংগ্ৰহ কৰি সন্ত্ৰাসবাদীক যোগান দিছিল।

Advertisment

এই চক্ৰটোৰ সৈতে কাশ্মীৰ আৰক্ষী আৰু শ্ৰীনগৰৰ এক ব্যৱসায়ী জড়িত থকাৰো সন্দেহ কৰা হৈছে। ইতিমধ্যে এছ আই এয়ে আৰক্ষীৰ এই শীৰ্ষ বিষয়াগৰাকীৰ ঘৰত তালাচী চলাইছে।

বুধবাৰৰ পৰা শুকুৰবাৰৰ নিশালৈকে এছ আই এয়ে মুঠ ২২ টা স্থানত অভিযান চলাই এই চক্ৰটোক ধৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে পুৱা শ্ৰীনগৰ, পুলৱামা আৰু অনন্তনাগ জিলাৰ ১০ টা স্থানত তালাচী চলোৱা হৈছিল।

এই অভিযানৰ সময়ত সন্ত্ৰাসবাদৰ সৈতে জড়িত বহু সামগ্ৰী উদ্ধাৰ কৰিছে তদন্তকাৰী দলে। যাৰ ভিতৰত আছে প্ৰচুৰ পৰিমাণ বৈদ্যুতিক সামগ্ৰী।

উল্লেখ্য সন্ত্ৰাসবাদীক আৰ্থিক সহযোগিতা কৰাৰ অভিযোগ তুলি আগষ্ট মাহত এটি গোচৰ ৰুজু হোৱাৰ পাছতে বিষয়টো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল এছ আই এয়ে। এই তদন্তকাৰী সংস্থাটো মতে সাম্প্ৰতিক কালত সন্ত্ৰাসবাদীক আৰ্থিকভাৱে সহায় কৰা এক বৃহৎ চক্ৰ আৰক্ষীৰ জালত পৰা নাই।

সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পাবলৈ এই ৮৫ কোটি টকা ব্যৱহাৰ কৰা হৈছে। এই চক্ৰটোৰ সৈতে ডুবাইৰ লিংক বিচাৰি পাইছে তদন্তকাৰী সংস্থাটোৱে।

Also Read: বনবাসৰ পৰা উভতিব শ্ৰীৰামঃ অযোধ্যাত ৰাজকীয় আয়োজন...

জম্মু কাশ্মীৰ সন্ত্ৰাসবাদ